Breaking

৫৪ গৰাকী বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়ী হ’ল কেজৰিৱালৰ চৰকাৰ…

0 25

৫৪ গৰাকী বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়ী হ’ল কেজৰিৱালৰ চৰকাৰ। শনিবাৰে বাজেট অধিৱেশনৰ সময়ত দিল্লী বিধানসভাত উত্থাপন কৰা আস্থা ভোটত আপৰ চৰকাৰে জয়লাভ কৰিছে। ভোটদানৰ সময়ত আপৰ ৬২ গৰাকী বিধায়কৰ ভিতৰৰে ৫৪গৰাকী উপস্থিত আছিল। আস্থাভোচৰ অন্তত অৰবিন্দ কেজৰিৱালে কয় যে কোনো আপ বিধায়কে দল ত্যাগ নকৰে। তেওঁ কয় “আমাৰ দুজন বিধায়ক কাৰাগাৰত আছে, কেইগৰাকীমান অসুস্থ আৰু কেইগৰাকীমান দিল্লীৰ বাহিৰত আছে।” অৰবিন্দ কেজৰিৱালে লগতে কয় যে আপ চৰকাৰৰ সদনত সংখ্যাগৰিষ্ঠতা আছে , কিন্তু আস্থাৰ প্ৰস্তাৱ অনাৰ প্ৰয়োজন আছিল। কাৰণ বিজেপিয়ে “দলৰ বিধায়কসকলক ক্ৰয় কৰিবলৈ আৰু চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা চলাই আছে”।

অৰবিন্দ কেজৰিৱালে দাবী কৰে যে বিজেপিয়ে তেওঁক গ্ৰেপ্তাৰ কৰি আপক শেষ কৰিব পাৰিব বুলি ভাবিছে। কেজৰিৱালে কয় “আপোনালোকে মোক গ্ৰেপ্তাৰ কৰিব পাৰে, কিন্তু কেজৰিৱালৰ চিন্তাধাৰা কেনেকৈ শেষ কৰিব?” উল্লেখ্য বিধায়কৰ সংখ্যাৰ ক্ষেত্ৰত দিল্লী বিধানসভাত ক্ষমতাসীন আম আদমী পাৰ্টিৰ (আপ) ‘সংখ্যাগৰিষ্ঠতা’ আছে। ইমানৰ পিছতো দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালে শুকুৰবাৰে বিধানসভাত আস্থা ভোটৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। তেওঁ হঠাতে কিয় এনে প্ৰস্তাৱ উত্থাপন কৰিলে তাকে লৈ ৰাজনৈতিক চক্ৰত জল্পনা-কল্পনা আৰম্ভ হৈছিল। উল্লেখ্য যোৱা মাহত কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে তেওঁৰ দলৰ কেইবা জনো বিধায়কক বিজেপিয়ে “ক্ৰয়” কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ দাবী কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক উৎকোচ আগবঢ়াইছে। কেজৰিৱালে এইবুলিও কৈছিল যে তেনেদৰে ধন আগবঢ়োৱাৰ প্ৰস্তাৱ “ৰেকৰ্ড” কৰা হৈছে। কেজৰিৱালে কৈছিল “বিজেপিয়ে আমাৰ দলৰ সাতজন বিধায়কক ক্ৰয় কৰাৰ বাবে ২৫ কোটি টকা আগবঢ়াইছে। আনহাতে ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক ছবাৰ চমন জাৰি কৰিছে।

পূৰ্বে তেওঁ পাঁচবাৰ চমন জাৰিৰ পিছতো ইডিৰ সন্মুখত উপস্থিত হোৱা নাছিল। কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বুধবাৰে, ইডিয়ে পুনৰ কেজৰিৱাললৈ জাননী জাৰি কৰিছিল। কেজৰিৱালক ১৯ ফেব্ৰুৱাৰীত ইডিৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে। মন কৰিব লগীয়া যে ৭০ খন আসন থকা দিল্লী বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ‘যাদুকৰী সংখ্যা’ হৈছে ৩৬। আপৰ ৬২ জন বিধায়ক আছে।তেওঁলোকৰ মাৰে ৫৪ গৰাকী আজি উপস্থিত আছিল। আনহাতে বিজেপিৰ মাত্ৰ আঠজন বিধায়ক আছে।

Leave A Reply