Breaking

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছেঃ আন্না হাজাৰে…

0 33

কেজৰিৱালে তেওঁৰ কৰ্মফল ভোগ কৰিছে। এই মন্তব্য এসময়ত প্ৰিয় শিষ্য অৰবিন্দ কেজৰিৱালৰ গুৰু আনানা হাজাৰেৰ । আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে তেওঁৰ এসময়ৰ প্ৰিয় শিষ্যৰ বিষয়ে মুখ খুলিছে। আন্না হাজাৰেই কয় “কেজৰিৱালে তেওঁৰ কামৰ পৰিণাম ভোগ কৰিছে। ‘ বছৰটো আছিল ২০১৩। দিল্লীত কংগ্ৰেছ চৰকাৰৰ সেয়া অন্তিম বৰ্ষ আছিল। মুখ্যমন্ত্ৰী আছিল শীলা দীক্ষিত। সেই সময়ত অৰবিন্দ কেজৰিৱালে কংগ্ৰেছ চৰকাৰ আৰু শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল। আনকি তেওঁ দিল্লীত দুৰ্নীতিৰ প্ৰতিবাদত আন্না হাজাৰেৰ সৈতে অনশনতো বহিছিল। তেওঁ দাবী কৰিছিল যে শীলা দীক্ষিতৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমাণ হিচাপে তেওঁৰ ওচৰত লাখ লাখ নথি আছে। কেজৰিৱালৰ আন্দোলনে জনসাধাৰণৰ মনত সাঁচ বহুৱাইছিল। কিয়নো ‘স্বচ্ছ’ ভাৱমূৰ্তিৰ আন্না হাজাৰেই তেওঁৰ সৈতে ধৰ্ণাত বহিছিল।


সেই সময়ত, আন্না হাজাৰেই দাবী কৰিছিল যে তেওঁৰ আন্দোলন অ-ৰাজনৈতিক আৰু কেৱল দুৰ্নীতিৰ বিৰুদ্ধেহে। কিন্তু পিছত দেখা গৈছিল যে তেওঁৰ ছাঁৰ দৰে লাগি থকা কেজৰিৱালে পোনপটীয়াকৈ ৰাজনীতিত যোগদান কৰিলে আৰু ক্ষমতাৰ বাঘজৰীও হাতত ল’লে। আন্না হাজাৰেই লগে লগে কেজৰিৱালৰ সংগ ত্যাগ কৰিছিল। আন্না হাজাপেই এতিয়া কৈছে যে ক্ষমতাৰ লোভে কেজৰিৱালক ‘নীতিৰ বিৰুদ্ধে’ কাম কৰিবলৈ বাধ্য কৰিছে। তেওঁ ইয়াৰ পৰিণামো ভুগিব লাগিব। হাজাৰেই কয় “কেজৰিৱালৰ ভূমিকাত মই দুঃখিত। তেওঁ মোৰ সৈতে সুৰাৰ বিৰুদ্ধে আন্দোলন কৰিছিল। তেওঁ আজি সুৰাৰ বিষয়ে নীতি প্ৰস্তুত কৰি আছে।” ইফালে, কেজৰিৱালৰ অধিবক্তাসকলে তেওঁৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছিল। কিন্তু গোচৰটোৰ শুনানিৰ আগতে ইয়াক প্ৰত্যাহাৰ কৰা হৈছে। কেজৰিৱালৰ অধিবক্তাসকলে কৈছে যে তেওঁলোকে এতিয়া নিম্ন আদালতত আবেদন কৰিব।

Leave A Reply