Breaking

জাতীয়তাবাদী চিন্তাধাৰাৰ বিশিষ্ট চিন্তাবিদ, সুবক্তা বিশিষ্ট শিক্ষাবিদ, অধিবক্তা, প্ৰবীণ সাংবাদিক কেশৱ চন্দ্ৰ দত্ত আৰু নাই

0 117

অসমৰ জাতীয়তাবাদী ধাৰাৰ বিশিষ্ট চিন্তাবিদ ,ঐতিহাসিক অসম আন্দোলনত সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সুবক্তা ,টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধিবক্তা, সুদক্ষ ফুটবল ৰেফাৰী, ভলীবলৰ ৰেফাৰী, প্ৰবীণ সাংবাদিক টংলা নিবাসী ড° কেশৱ চন্দ্ৰ দত্ত আৰু নাই।

কিছু বছৰ স্নায়ৱিক তথা আন ৰোগত আক্ৰান্ত হৈ দেওবাৰে নিশা ৭-৫০ বজাত ৭৬ বছৰ বয়সত টংলাস্থিত নিজা বাসভৱনত স্বৰ্গগামী হোৱাত ওদালগুৰি আৰু দৰং জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। ১৯৪৭ চনত দৰং জিলাৰ দলগাঁৱৰ নিচেই ওচৰৰ নিজদল গাঁও নামৰ গাঁওখনত দলগাঁও মৌজাৰ মৌজাদাৰ বলিৰাম দত্ত আৰু বৃন্দাৱলী দত্তৰ সুপুত্ৰ ,অতি মেধাৱী ছাত্ৰ কেশৱ চন্দ্ৰ দত্তই দলগাঁও হাইস্কুলৰ পৰা প্ৰৱেশিকা ,কটন কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয় ,স্নাতক কলা উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ, বিটি বৰ্তমান (বি এড),আইনৰ স্নাতক ,লোকসংস্কৃতিত এম ফিল আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

অসম ফুটবল সন্থা আৰু অসম ভলীবল সন্থাৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ কেশৱ চন্দ্ৰ দত্তই ১৯৬১ চনত বেচিমাৰী হাইস্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰি কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৩ চনত অস্থায়ীভাৱে কৌপাটীৰ বল্লভভাই পেটেল হাইস্কুলত শিক্ষকতা, ১৯৬৬ চনৰ পৰা ১৯৮১ চনলৈ দলগাঁও হাইস্কুলত শিক্ষকতা কৰাৰ পিছত ১৯৮১ চনৰ পৰা ২০০৬ চনলৈ টংলা মহাবিদ্যালয়ত শিক্ষকতা, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী আৰু পিছলৈ অধ্যক্ষ হিচাবে কাম কৰি ২০০৬চনৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে।

আইনৰ স্নাতক দত্তই ২০০৭ চনৰ ৫ এপ্ৰিলৰ পৰা ওদালগুৰি আদালতত অধিবক্তা হিচাপে কৰ্মৰত হয়। এসমৰ দলগাঁও প্ৰগতি সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক, দলগাঁও শান্তিৰক্ষা কমিটীৰ সম্পাদক, দলগাঁও ৰঙালী বিহু উদযাপনৰ সম্পাদক, সাহিত্য সভাৰ সদস্য, মঙ্গলদৈ জিলা সাহিত্য সভাৰ দলগাঁও অধিবেশনৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক, মঙ্গলদৈ ক্ৰীড়া সন্থা ৰেফাৰী বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ,সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ আদৰণী সমিতিৰ প্ৰাক্তন সম্পাদক, সভাপতি, উত্তৰ দৰং মহাবিদ্যায়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, নেচনেল পায়’নিয়াৰ কলেজৰ প্ৰতিষ্ঠাপক সভাপতি, টংলা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি, ওদালগুৰি ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক উপ সভাপতি, ভেৰগাঁও মহকুমা ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক উপদেষ্টা, টংলা মফচলীয় সংবাদসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক সম্পাদক , প্ৰাক্তন সভাপতি, টংলা ক্ৰীড়া সন্থাৰ সভাপতি ,ওদালগুৰি উকীল সন্থাৰো সভাপতিৰ আসন অলংকৃত কৰা দত্তই মৃত্যুৰ সম়য়লৈকে শিক্ষা, ক্ৰীড়া, সমাজ সেৱা তথা মানৱ জীৱনৰ উত্তৰণৰ হকে আজীৱন সেৱা কৰি থৈ গ’ল।দ্য চেণ্টিনেল ,যুগশঙ্খ আৰু আজিৰ অসমত সংবাদ সেৱা কৰা দত্তই দৰং জিলা সাংবাদিক সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল মফচলীয় সাংবাদিক সন্থাৰো সদস্য আছিল।হৰিশিঙা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন শুৱনি কৰা দত্তই মৃত্যুৰ সময়ত পত্নী নির্মালী দত্ত, পুত্ৰ শঙ্কৰজ্যোতি দত্ত, বোৱাৰী, জী -জোঁৱাই, নাতি – নাতিনী আৰু অজস্ৰ গুণুমুগ্ধক কন্দুৱাই ইহ জগতৰ পৰা বিদায় লয়।

ভিন্ন দল সংগঠনৰ শেষ শ্ৰদ্ধা জ্ঞাপন:

সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয়, “দত্ত চাৰ এগৰাকী জাতীয়তাবাদী ধাৰাৰ বিশিষ্ট চিন্তাবিদ আৰু সুবক্তা আছিল। ঐতিহাসিক অসম আন্দোলনত সমুখৰ পৰাই নেতৃত্ব দি জনগণক একত্ৰিত কৰিছিল।তেখেতৰ মৃত্যুত সমাজখনৰ অপূৰণীয় ক্ষতি হ’ল”। সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু সাধাৰণ সম্পাদক ৰিংকু ডেকাই তেখেতৰ নশ্বৰ দেহত আছুৰ পতাকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ওদালগুৰি জিলা সাহিত্য সভাৰ হৈ সভাপতি গৌৰী শংকৰ দাস, টংলা সাহিত্য সভাৰ হৈ দিবাকৰ বৰা, বিহু সুৰক্ষা সমিতিৰ হৈ দুলাল বৰুৱা, টংলা মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ প্ৰসেনজিৎ দৈমাৰী, প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী, অগপৰ ওদালগুৰি জিলাৰ হৈ সম্পাদক প্ৰমোদ হাজৰিকাই নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে।

টংলা সাহিত্য সভা, পানেৰী সাহিত্য সভা, শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা, কেন্দুকলাই সাহিত্য সমাজ ,পুৰন্দিয়া সাহিত্য সভা , ডিমাকুছি সাহিত্য সভা,ব্ৰহ্মহিত সাধিনী সাহিত্য কানন, বামুনজুলি সাহিত্য সভা, যুৱ মঞ্চ -টংলা, টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা আৰু টংলা আঞ্চলিক সমিতি, টংলা প্ৰেছ ক্লাব, টংলা মিডিয়া চাৰ্কুল, টংলা মিডিয়া ফ’ৰাম, টংলা ক্ৰীড়া সন্থা, টংলা কবি সন্মিলন, শিল্পী সমাজ, টংলা, সদৌ টংলা ৰঙালী বিহু সন্মিলনী, হৰিশিঙা কণিষ্ঠ মহাবিদ্যালয়, বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন কলিতা, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, ঘটেশ্বৰ বৰুৱা, অঞ্জলি চক্ৰৱৰ্তী, ৰবীন্দ্ৰ কুমাৰ শৰ্মা, সাংস্কৃতিক কৰ্মী নবজিৎ দাস, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতা, সাহিত্য অকাডেমি বঁটাপ্ৰাপক সাহিত্যিকদ্বয় অৰূপা পটংগীয়া কলিতা, ডঃ ৰীতা বড়ো, বড়ো সাহিত্য সভাৰ সম্পাদক কামেশ্বৰ বড়ো, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড° পবিত্ৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গব কুমাৰ দাস, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেশ্বৰ কলিতা, প্ৰাক্তন ছাত্ৰ নেতা ভাৰত ডেকা প্ৰমুখ্যে দল সংগঠন আৰু ব্যক্তি বিশেষে বিশিষ্ট চিন্তাবিদগৰাকীৰ প্ৰতি শোক প্ৰকাশ আৰু নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে দত্তৰ মৃতদেহ টংলা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । দত্তৰ কৰ্মস্থলী টংলা মহাবিদ্যালয়ত অধ্যক্ষ ড° প্রসেনজিৎ দৈমাৰীৰ নেতৃত্বত শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ -ছাত্ৰীয়ে টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীক শেষ শ্ৰদ্ধা জনায়।

একে স্থানতে টংলা আঞ্চলিক এবছু’ই বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ আৰু ক্ৰীড়াবিদগৰাকীক শেষ শ্ৰদ্ধাৰ্ঘ যাচে ।অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়েও দত্তদেৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Leave A Reply