বিটিআৰ ওদালগুৰি জিলা ৬৪ নং পানেৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম পাটলা ইউ এ একাডেমি খেল পথাৰত ”স্বৰ্গিয় প্ৰদিপ চন্দ্ৰ বড়োৰ সোঁৱৰণিত অনুষ্ঠিত কৰা ৪ সংখ্যক প্ৰাইজমানি ফুটবল টুৰ্নামেন্টৰ চূড়ান্ত খেল যোৱা ১৯ অক্টোবৰ নিশা অনুষ্ঠিত হয়।অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সুভ উদ্ধোধন কৰা চূড়ান্ত খেলখন খৈৰাবাৰী অংখ্ৰেমা এফ চি ফুটবল দল আৰু ঔ বাৰী এফ চিৰ মাজত অনুষ্ঠিত হয়।
প্ৰতিকুল বতৰকো নেউচি আৰম্ভ কৰা চূড়ান্ত খেলখনত খৈৰাবাৰী অংখ্ৰেমা দলে দুৰ্দান্ত খেলৰে ৩-০ গ’লৰ ব্যৱধানত ঔবাৰী এফ চি দলক পৰাস্ত কৰি খৈৰাবাৰী অংখ্ৰেমা এফ চি দলে ট্ৰ্ফী সহ নগদ ৩০ হাজাৰ টকাৰে বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হয়।””আনহাতে ঔবাৰী দলে ৰানাৰ্ছাৱৰ ট্ৰ্ফী সহ নগদ ২০ হাজাৰ টকাৰ চেক লাভ কৰে।ঔবাৰী আৰু খৈৰবাৰী অংখ্ৰেমা ফুটবল দলৰ চূড়ান্ত খেলখনৰ পূৰ্বে পদৰ্শনী খেল হিছাপেখাগ্ৰাবাৰী এফ চি মহিলা ফুটবল দল আৰু ননৈ সেৰফাং এফ চি মহিলা ফুটবল দলে পৰিবেশন কৰে।উক্ত খেল প্ৰতিযোগিতাত অতিথী হিছাপে বিটিচিৰ ক্ৰীড়া আৰু সংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য ডাউবাইছা বড়ো ,বিজেপিৰ জিলা জনজাতি মৰ্চাৰ সভাপতি জোছৰাং বড়ো,যুৱ নেতা অৰ্জুন দৈমাৰী উপস্থিত থাকি খেল চাই মনোৰঞ্জন লোৱা দেখা যায়।
পশ্চিম পাটলা চাঁৰি সংখ্যক আন্ত গাঁও ফুটবল টুৰ্নামেন্টৰ চূড়ান্ত খেলত বিজয়ী খৈৰাবাৰী অংখ্ৰেমা দল।
