Breaking

গৰাখহনীয়াত জাহ গ’ল খৈৰাবাৰী আৰাংপাৰা সংযোগী পকী কালভাৰ্ট

0 2,061

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ খৈৰাবাৰী ভিচিডিচিৰ  অন্তৰ্গত ৰঙাগাঁ‌ৱৰ পৰা আৰাংপাৰা গাৱৰ মাজেদি খৈৰাবাৰী চহৰলৈ যোৱা একমাত্ৰ পথছোৱাৰ পকী কালভাৰ্টটো যোৱা-নিশা মৰা চুক্লাই নদীৰ পানীৰ প্ৰকোপত জাহ গ’ল। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত ২০১৯ বৰ্ষত নিৰ্মিত পথছোৱাৰ মাজ ভাগত আৰাংপাৰ গাওঁৰ মাজেদি যোৱা মৰা চুক্লাই নদীৰ ওপৰত RCC দলং দিয়াৰ সলনি পকী কালভাৰ্ট দি কাম সম্পূৰ্ণ কৰাৰ ফলত এটা নিশাতে পানীৰ প্ৰকোপত কালভাৰ্টটো বিধ্বস্ত হৈ পথছোৱা সম্পূৰ্ণ বিভক্ত হৈ যোগাযোগ বিচিন্ন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। 

উল্লেখ্য যে খৈৰাবাৰী চহৰৰ ৩ কি,মি নিলগত থকা ৰঙাগাঁ‌ৱ আৰাংপাৰাৰ পৰা খৈৰাবাৰী চহৰলৈ অহাঁ‌ একমাত্ৰ পথছোৱা মৰা চুক্লাই নদীয়ে দুটা ভাগত বিভক্ত কৰাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বিচিন্ন হৈ পৰাত প্ৰায় তিনিখন গাঁ‌ৱৰ লোক যাৱতীয় সামগ্ৰীৰ বাবে কেইবা কি,মি দূৰৰে ঘূৰি খৈৰাবাৰী চহৰলৈ আহিব লগা হৈ পৰিছে।সেয়েহে অতি শীঘ্ৰেই বিভাগীয় কতৃপক্ষক পথছোৱা মেৰমতি কৰিবলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে। কিন্তু আমাৰ এই প্ৰতিবেদন প্ৰটক্ষ্য কৰা পিছত জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা হাতত লৈ পৰৱৰ্তি পৰ্যায়ত সেয়াহে লক্ষণীয় হ’ব।

Leave A Reply