Breaking

খেলপথাৰত আৰু নেদেখিব স্পিনাৰ হৰভজন সিঙক

0 2,037

ভাৰতীয় দলৰ টাৰ্বানেটৰ হিচাপে পৰিচিত অফ স্পিনাৰ হৰভজন সিঙে অৱশেষত ২৩ বছৰীয়া কেৰিয়াৰ সমাপ্তি ঘোষণা কৰিছে। আজি এক টুইটযোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনোৱাৰ কথা সদৰী কৰে ক্ৰিকেটাৰগৰাকীয়ে। দুটা দশকজুৰি ক্ৰিকেটৰ পথাৰত বেটছমেনৰ বাবে আতংকৰ সৃষ্টি কৰা ৪১ বছৰীয়া হৰভজনে ২০১৬ চনত ভাৰতৰ হৈ তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল।

টেষ্ট ক্ৰিকেটত ভাৰতৰ প্ৰথমটো হেট্ৰিক লোৱাৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ঐতিহাসিক জয়লৈকে সকলো ক্ৰিকেট প্ৰেমীৰ অন্তৰত বিশেষ স্থান লাভ কৰিছিল ভাজ্জিৰ বলিঙে।

১৯৮০ চনৰ ৩ জুলাইত জন্ম লাভ কৰা ভাৰতীয় ক্ৰিকেট দলৰ অভিজ্ঞ স্পিনাৰ হৰভজন সিঙে ভাৰতৰ হৈ ১৯৯৮ চনৰ মাৰ্চ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটৰ যোগেদি আত্মপ্ৰকাশ কৰিছিল। ভাজ্জিক প্ৰথমবাৰৰ বাবে নিউজিলেণ্ডৰ বিৰুদ্ধে শ্বাৰজাহত এদিনীয়াত খেলিবলৈ সুযোগ দিয়া হৈছিল। আৰু তাৰপাছত উলতি যেন চাবলগীয়া হোৱা নাছিল এইগৰাকী স্পিনাৰে। টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত ভাজ্জিয়ে তেওঁৰ বলিংৰ দ্বাৰা বেটছমেনসকলক এনে ধৰণৰ সমস্যা সৃষ্টি কৰিছিল যে তেওঁৰ সন্মুখীন হ’বলৈ অভিজ্ঞ বেটছমেনসকলেও বহুবাৰ ভাবিছিল।

Leave A Reply