Breaking

ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে খনীন মেধীয়ে

0 2,044

ৰঙিয়া মহকুমাৰ অন্তৰ্গত লাচি-বিষ্ণুপুৰ গাঁৱৰ ভিঠেলীপাৰা চুবুৰীৰ উমেশ চন্দ্ৰ মেধী আৰু নিৰলা মেধীৰ জেষ্ঠ পুত্ৰ খনীন মেধীয়ে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে । ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ড’ত নিজৰ নাম অন্তর্ভুক্ত হ’ল মেধীৰ । মেধী এগৰাকী কবি, গীতিকাৰ, লেখক, প্ৰকাশক আৰু যুৱ উদ্দোগী ৷ মেধীয়ে ২০০৯ চনত প্ৰকাশ কৰা অসমীয়া কব্য সংকলন “দুখত হালে জানো বুকুৰ কলিজা” ক  ইংৰাজীলৈ “The Bosom Of The Heart Tilt In Grief” নামেৰে ২০১৩ চনত  অনুবাদ কৰি প্ৰকাশ কৰে ৷ ইয়াৰ পিছত এই গ্ৰন্থখনিক পূৰ্বৰ সম পৃষ্ঠাৰ সমসংখ্যক কবিতাৰে ২.৪ ইঞ্চি × ২.৭ ইঞ্চি আকাৰত যোৱা ৮ মাৰ্চত প্ৰকাশ কৰি “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড” লৈ প্ৰেৰণ কৰিছিল আৰু যোৱা ২৫ মাৰ্চত ভাৰতবৰ্ষৰ অতি ক্ষুদ্ৰ কব্য সংকলন হিচাপে বিবেচিত হৈ “ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ২০২১”ত স্থান লাভ কৰে । পেছাত এগৰাকী সফল ছপা মাধ্যমৰ ব্যৱসায়ী ৰঙিয়া মহকুমাৰ অন্তৰ্গত ভিঠেলীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা মেধী বৰ্তমান গুৱাহাটী মহানগৰৰ চানমাৰীৰ বাসিন্দা হিচাপে এই অঞ্চলললৈও এই গৌৰৱ কঢ়িয়াই আনে ৷ মেধীয়ে এতিয়ালৈকে স্ব-ৰচীত অসমীয়া ভাষাত আঠখন, ইংৰাজী ভাষাত তিনিখন, হিন্দী ভাষাত এখন গ্ৰন্থ প্ৰকাশ কৰিছে । লগতে মাহেকীয়া আলোচনী মূহুৰ্ত, আৰোহণ আৰু ৰামধেনু কাব্যলোচনী সম্পাদনা কৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াইছে ৷

Leave A Reply