ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীত উপস্হিত হ’ল অপহৰণ হোৱা এগৰাকী কনমানি কিশোৰী ,যোৱা ১০ ছেপ্টেম্বৰত ধুবুৰীৰ ভোগডহৰ চৰৰ পৰা অপহৰণ হৈছিল ১৩ বছৰীয়া কিশোৰী তথা সপ্তম শ্ৰেণীৰ ছাত্ৰী মনোৱাৰা খাতুন । পৰিয়ালৰ লোকে উল্লেখ কৰা মতে যোৱা ১০ ছেপ্টেম্বৰত ফকিৰগঞ্জ অঞ্চলৰ বাসিন্দা আব্দুৰ ৰশিদ ৰ পুত্ৰ ছফিকুল ইছলাম হৈতে বিয়াৰ বাবে প্ৰস্তাৱ দিছিল কিশোৰী গৰাকীক , ইফালে কিশোৰী গৰাকীৰ প্ৰাপ্য বয়স নোহোৱাৰ বাবে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উক্ত প্ৰস্তাৱ নাকচ কৰি দিয়ে , তাৰ পাছত লৰা জনৰ পৰিয়ালৰ পৰা অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰে , যদিও সেই দিনাই আবেলিৰ পৰা অপহৰন হোৱা বুলি কিশোৰী গৰাকীৰ পৰিয়ালে সন্দেহ কৰে , ইয়াৰ পিছত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উপায়হীন হৈ ধুবুৰী সদৰ থানাত ছফিকুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে এখন এজহাৰ দাখিল কৰে ,লগতে এই অপহৰণ ঘটনাত জড়িত হৈ থকা ক্ৰমে ১/ ছফিকুল ইছলাম , ২/ আবু বক্কাৰ ছিদ্দিকি ৩/ৰহিমা খাতুন ৪/ আছমিনাৰা খাতুন ৫/ আব্দুৰ ৰশিদ আসামি হিচাপে এজহাৰত উল্লেখ কৰে ,ইয়াৰ উপৰিও আসামি সকলোৰ ভিতৰত ১নং আসামিৰ দেউতা আব্দুৰ ৰশিদ মাষ্টাৰক আটক কৰিছে আৰক্ষীয়ে , বৰ্তমান এই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে ।