Breaking

আলফাৰ প্ৰতিষ্ঠাপক সভাপতি বুদ্ধেশ্বৰ গগৈৰ পুত্ৰক অপহৰণ

0 97

টিংখাং

নিষিদ্ধ ঘোষিত ৰাজ্যখনৰ প্ৰধান সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিষ্ঠাপক সভাপতি বুদ্ধেশ্বৰ গগৈৰ পুত্ৰ সত্যব্ৰত বুঢ়াগোহাঁইক মঙলবাৰৰ নিশা টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কুঁৱৰীগাঁৱৰ নিজা বাসগৃহৰ পৰা এটা সশস্ত্ৰ দলে অপহৰণ কৰে বুলি জানিব পৰা গৈছে। জানিব পৰা মতে সাত আঠজনীয়া সশস্ত্ৰ দল এটাই নিশা প্ৰায় আঠ বজাত আলফাৰ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ পুত্ৰ সত্যব্ৰতক বিচাৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগত অধ্যয়নৰত পুত্ৰ সত্যব্ৰত ঘৰত থকাত অসামৰিক পোছাকত অহা দলটোৱে গাড়ীত তুলি লৈ যায়। দলটোৱে অতৰ্কিতে পুত্ৰক নিবলৈ বিচৰা কাৰ্যক পিতৃ তথা প্ৰাক্তন আলফা নেতাগৰাকীয়ে বাধা প্ৰদান কৰে যদিও বলপূৰ্বকভাৱে লৈ যায়। সশস্ত্ৰ দলটোৱে নিজকে ভাৰতীয় সেনা বাহিনীৰ লোক বুলি পৰিচয় দিয়াৰ লগতে কিছু সোধা পোছাৰ বাবে সত্যব্ৰত ডিব্ৰুগড়লৈ নিয়া হ’ব বুলি পৰিয়ালক জানিবলৈ দিয়ে। সত্যব্ৰতক সোধা পোছাৰ অন্তত দলটোৱে এৰি দিব বুলি পৰিয়ালক নিশাই দলটোৱে জনাই থৈ যায়৷ বুধবাৰে বিয়লি পৰ্যন্ত সত্যব্ৰতৰ পৰিয়ালে সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰিছে। পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীৰে যোগাযোগ চলাই অতি শীঘ্ৰে সত্যব্ৰতক মুকলি কৰি দিবলৈ আহবান জনাইছে। ইপিনে পৰিয়ালৰ লোকক স্থানীয় আৰক্ষীয়ে জনোৱা মতে ডিব্ৰুগড়ৰ এটা সেনা চাউনীত সোধা পোছাৰ বাবে সত্যব্ৰতক ৰাখিছে। উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সত্যব্ৰতে অংশ গ্ৰহণ কৰিছিল। জানিব পৰা মতে ফেচবুকতো সত্যব্ৰতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰি আহিছিল। এই আইনখন বিৰোধিতা কৰাৰ অপৰাধতে চৰকাৰী ৰোষত পৰি ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ উঠিছে।

Leave A Reply