Breaking

মন্দিয়াত মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতি…

0 1,023

দেশ তথা ৰাজ্যত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। ইতিমধ্যে ৰাজ্যত পেট্ৰ’লে শতকৰ দেওনা অতিক্ৰম কৰাৰ পাছত গৰজি উঠিল বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি  সংগ্রাম সমিতি। আজি বাঘবৰ সমষ্টিৰ অন্তৰ্গত মন্দিয়া বজাৰ পুৰণি বাছ আস্থানত দেশৰ প্ৰধান মন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ পুত্তলিকা দাহেৰে বিভিন্ন শ্লোগানেৰে  পৰিৱেশ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বৰ্তমান পেট্ৰোল আৰু ডিজেলৰ দাম আৰু ঘৰ নিৰ্মাণৰ সামগ্ৰীত আকাশলংঘী মূল্য বৃদ্ধিয়ে অতিষ্ঠ কৰি পেলাইছে সাধাৰণ খাটি খোৱা ৰাইজক।

আনকি পাঁচ হাজাৰ টকীয়া ৰড ন হাজাৰৰ দেওনা পাৰ কৰিলে। তাকে লৈ সৰৱ হোৱা পৰিলক্ষিত হৈছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত  বৰপেটা জিলাৰ কৃষক মুক্তিৰ সভাপতি কাজী নাজিমুল হকৰ লগতে কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আলামিন হক আদি উপস্থিত থাকে।

Leave A Reply