Breaking

বিৰাট কোহলীৰ পিছত দক্ষিণ আফ্ৰিকাত ইতিহাস ৰচনা কৰা দ্বিতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত কে এল ৰাহুল…

0 31

কে এল ৰাহুলৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াই নিজৰ মাটিত খেলা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত জয় পঞ্জীয়ন কৰে। বিৰাট কোহলীৰ পিছত কে এল ৰাহুলে আফ্ৰিকাত এদিনীয়া শৃংখলাত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰা দ্বিতীয়জন ভাৰতীয় অধিনায়ক হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে এই কৃতিত্ব ২০১৮ চনত বিৰাট কোহলীয়ে কৰিছিল। এতিয়া কে এল ৰাহুলৰ নেতৃত্বত ভাৰতীয় দলটোৱে ৩ মেচৰ এদিনীয়া শৃংখলাত ২-১ গ’লত জয়লাভ কৰে। ২০১৮ চনত বিৰাট কোহলীৰ অধিনায়কত্বত থকা টিম ইণ্ডিয়াই আফ্ৰিকাৰ ভূমিত ৬খন মেচৰ এদিনীয়া শৃংখলাত আফ্ৰিকাক ৫-১ গ’লত পৰাস্ত কৰিছিল। ১৯৯২ চনৰ পৰা এতিয়ালৈকে ভাৰতীয় দলটোৱে নিজৰ মাটিত আফ্ৰিকাৰ বিৰুদ্ধে মুঠ ৭খন দ্বিপাক্ষিক এদিনীয়া শৃংখলা খেলিছে, য’ত তেওঁলোকে মাত্ৰ দুবাৰহে জয়লাভ কৰিছে। প্ৰথম জয় কোহলীৰ অধিনায়কত্বত আৰু এতিয়া দ্বিতীয় জয় ৰাহুলৰ অধিনায়কত্বত।

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত খেলা তৃতীয়খন এদিনীয়া খেলত সঞ্জু চেমছনে এক উজ্জ্বল শতক অৰ্জন কৰে, যাৰ বাবেই টিম ইণ্ডিয়াই ডাঙৰ মুঠ শতক অৰ্জন কৰাত সফল হয়। প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৫০ অভাৰত ৮ উইকেটত ২৯৬ ৰান সংগ্ৰহ কৰে, য’ত সঞ্জু চেমছনে ৬টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১১৪টা বলত ১০৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও তিলক ভাৰ্মাই ৫২ ৰানৰ ইনিংছ খেলিছিল, য’ত ৫টা চাৰি আৰু ১টা ছয় আছিল। দক্ষিণ আফ্ৰিকাৰ দলটোৱে ৪৫.৫ অভাৰত ২১৮ ৰান সংগ্ৰহ কৰি অল আউট হয়। টনি ডি জৰ্জিয়ে দলটোৰ হৈ আটাইতকৈ ডাঙৰ ইনিংছ খেলিছিল। ডি জৰ্জিয়ে ৮৭টা বলত ৮১ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু ৩টা ছয় অন্তৰ্ভুক্ত। অৱশ্যে জৰ্জিৰ এই ইনিংছে দলটোক জয়ৰ সীমা অতিক্ৰম কৰাত সহায় কৰিব নোৱাৰিলে।



Leave A Reply