Breaking

২০২২ চনৰ এখন অতি আলোচিত চিনেমা ‘মহিষাসুৰমৰ্দিনী’ৰ বিষয়ে জানক…

0 55

২০২২ চনৰ এখন অতি আলোচিত চিনেমা ‘মহিষাসুৰমৰ্দিনী’ ৷ এই ছবিত অভিনয় কৰিছে বাংলা ছবিৰ তিনিগৰাকী শীৰ্ষস্থানীয় শিল্পীয়ে প্ৰথম বাৰৰ বাবে একেলগে অভিনয় কৰিছে ৷ তেওঁলোক হ’ল ঋতুপৰ্ণা সেনগুপ্তা, পৰমব্ৰত চেটাৰ্জী অাৰু শাশ্বত চেটাৰ্জী ৷

ইয়াৰ অাগতে ৰঞ্জন ঘোষে পৰিচালনা কৰা ‘অাহাৰে’ নামৰ ছবিখন অসমত প্ৰদৰ্শিত হৈছিল অাৰু দৰ্শকৰ হৃদয় জয় কৰিছিল ৷

সেই অভিজ্ঞতাৰ স্মৃতি সুৱৰি পৰিচালক ঘোষে এই ছবিখনৰ উত্তৰপূব প্ৰিমিয়াৰ এই মহোৎসৱত কৰিবলৈ অাগ্ৰহী হৈছে ৷ ৰঞ্জন ঘোষ পৰিচালিত এই ছবিখনৰ ‘উত্তৰপূব ভাৰত প্ৰিমিয়াৰ’ হ’ব অহা ৫ জানুৱাৰিত, দিনৰ দুই বজাত, জ্যোতি চিত্ৰবনত, চলচ্চিত্ৰম্‌ নেচেনেল ফিল্ম ফেষ্টিভেলৰ অংগ হিচাপে ৷

পৰিচালক ৰঞ্জন ঘোষ অাৰু অন্য কলাকুশলীও এই প্ৰিমিয়াৰত উপস্থিত থাকিব ৷ প্ৰবেশ পত্ৰৰ বাবে ৭০০২১৫৩৯৬৪ নম্বৰত নিজৰ নাম সহ হোৱাটছএপ বাৰ্তা দিলেই হ’ব ৷

Leave A Reply