Breaking

শীতকালত চুলিৰ যত্ন কেনেদৰে ল’ব জানক…

0 60

কেঁকোৰা চুলিৰ বাবে –

  • যিসকলৰ চুলি কেঁকোৰা, তেওঁলোকে ঘৰুৱাভাৱে কিছু পৰিমাণে নিজৰ চুলি পোন কৰিব পাৰিব।
  • কল, এভ’কাডো সানি প্ৰস্তুত কৰা লেপন ২০ মিনিট ৰাখি পিচত মূৰ ধুব। সপ্তাহত তিনি দিন। তিল তেল চুলিত মালিচ কৰি শ্বাৱাৰ কেপ লগাই আধা ঘণ্টা থৈ ধুব।

তেলেতীয়া চুলিৰ বাবে –

  • তিতা চুলিত বিয়েৰ মালিচ কৰিব।
  • আপেলৰ ৰস, ভিনেগাৰ মিহলাই চুলিত লগাওক।
  • পদিনা পাত সিজাই সেই পানীৰে চুলি ধোৱক। ভাল মূলটানি মাটিৰ লেপ তৈয়াৰ কৰি চুলিত লগাওক। সপ্তাহত তিনিদিনকৈ।

শুকান চুলিৰ বাবে –

  • আধাকাপ মেয়’নিজ চুলিত লগাই মূৰত শ্বাৱাৰ কেপ পিন্ধিব। আধা ঘণ্টাৰ পিচত শ্বেম্পু কৰক।
  • পকা কল ফেটি চুলিত সানি ১৫ মিনিটৰ পিচত ধুই দিব। ছালকুঁৱৰীৰ ৰস উলিয়াই চুলিত লগাব।

ফটা চুলিৰ বাবে:

  • এৰা তেল, জলফাই তেল, সৰিয়হ তেল মিহলাই চুলিত লগাই গৰম টাৱেলেৰে চুলি মেৰিয়াই ৩০ মিনিটৰ পিচত ধুব।

পৰিচৰ্যা:

উফি থকা চুলি –

  • নেমুৰ বাকলি পিহি লগত নাৰিকল তেল মিহলাই চুলিৰ গুৰিত ৩০ মিনিট লগাওক।
  • আপেলৰ ৰস চুলিৰ গুৰিত লগাই ধুব।
  • মিথি পেষ্ট, দৈ, ছালকুঁৱৰীৰ ৰস, ভিনেগাৰ, জবা পাত মিহলাই পেক বনাই সপ্তাহত তিনিবাৰকৈ লগাব, উফি নাইকিয়া হ’ব।

Leave A Reply