Breaking

শীতকালত ভেন্দি খালে কি কি উপকাৰ হয় জানক…

0 41

লোক বিশ্বাসমতে ভেন্দিৰ ঔষধীয় প্ৰয়োগ-

প্ৰাচীন কালৰ পৰা নানান দেশত লোক বিশ্বাসমতে বিভিন্ন ৰোগৰ ক্ষেত্ৰত ভেন্দিক চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে ৷ তাৰে কিয়দাংশ তলত উল্লেখ কৰিলোঁ : –

• ভাৰতবৰ্ষত হিন্দু সকলে এই সুগন্ধযুক্ত ফলক শৰীৰ শীতল কৰা, পেটৰ বায়ু আতৰ কৰা (Curmanitive) আৰু শক্তিবৰ্ধক টনিক হিচাবে ব্যৱহাৰ কৰি আহিছে ৷
• ভিয়েটনামৰ আন্নান অঞ্চলত, দক্ষিণ আমেৰিকাৰ গুৱেনা আৰু কেৰিবিয়ান সাগৰৰ এন্টিলিচ দ্বীপপুঞ্জত ভেন্দিক এন্টিস্পাচম’ডিক আৰু শক্তিপ্ৰদ দ্ৰব্য বুলি গণ্য কৰা হয় ৷


• শ্বাস প্ৰণালীৰ ইনফ্লমেচন কমোৱাৰ ক্ষেত্ৰত ভেন্দিৰ ভূমিকাৰ হেতু ইয়াক ব্ৰংকাইটিচ, ডিঙিৰ বিষ,কাহ আদিত দেশে দেশে প্ৰাচীন কালৰ পৰা ব্যৱহৃত হৈ আহিছে ৷
• পাত আৰু ভেন্দিৰ উতলাই শীতল কৰা ঘোল ব্যৱহৃত হৈ আহিছে – জ্বৰ,বাত বিষ, ভেৰিক’জ ভেইন,প্ৰসাবৰ সংক্ৰমণত ৷
• গনোৰিয়া,চিফিলিচ আদি যৌন ব্যাধিৰ চিকিৎসাত প্ৰয়োগ কৰি অহা হৈছে ৷
• পাত আৰু সিদ্ধ কৰা গুটি মাংসপেশীৰ সংকোচন কমাবলৈ ব্যৱহৃত হয় ৷


• শিপা আৰু পাতৰ ৰস ঘাঁত প্ৰলেপ দি চিকিৎসা কৰা হয় ৷
• ভেন্দিৰ ৰস ডায়েৰিয়া,পেটৰ বিষ আৰু শৌচ কচাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷
• ছালৰ ৰোগ আৰু খজুৱতিত ভেন্দিৰ গুটি পিচি গাখীৰৰ সৈতে মিহলাই প্ৰয়োগ কৰি অহা হৈছে ৷
• বহুমূত্ৰৰ উপশম ঘটাবলৈ ভেন্দিৰ প্ৰয়োগ প্ৰাচীনকালৰ পৰা কৰি অহা হৈছে ৷
• প্ৰসাৱৰ সৈতে ‘ধাতু’ নিৰ্গত হোৱা ৰোগত কুমলীয়া ভেন্দি আৰু ভেন্দিৰ গুটি সেৱন কৰাৰ পৰামৰ্শ দিয়া হয় ৷
• শালমন,ঘামচিৰ চিকিৎসাত ভেন্দিৰ প্ৰয়োগ কৰি অহা হৈছে ৷

Leave A Reply