Breaking

আয়ুস বৃদ্ধিকাৰী খাদ্যসমূহ কোনবোৰ জানক…

0 105
  • স্বাস্থ্যৰ পক্ষে এক অন্যতম স্বাস্থ্যকৰ খাদ্য হৈছে আখৰোট। এক গবেষণাত প্রকাশিত তথ্য অনুসৰি যিসকল লোকে সপ্তাহত তিনিবাৰ বা তাতকৈ অধিকবাৰ বাদাম, বিশেষকৈ আখৰোট খায়, তেওঁ জীৱন দুই-তিনি বছৰ অধিক উপভোগ কৰে। তদুপৰি বাদামজাতীয় খাদ্যই কর্কট ৰোগ আৰু হৃদৰোগ প্রতিৰোধতো সহায় কৰে। অন্য এক গৱেষণাত প্রাপ্ত তথ্য অনুসৰি আয়ুস বৃদ্ধি কৰাত চীনা বাদামেও (পিনাট) সহায় কৰে।

  • উদ্ভিদৰ প্ৰ’টিন: এই প্ৰ’টিনে ব্যক্তিৰ আয়ুস বৃদ্ধিত সহায় কৰে। আচৰিত হ’লেও সত্য যে, এসপ্তাহ মাংসবিহীন আহাৰে আমাৰ জীৱনৰ কেইবাটাও সপ্তাহ বৃদ্ধি কৰাত সহায় কৰিব পাৰে। উদ্ভিদ প্ৰ’টিনযুক্ত আহাৰে মূলতঃ এই ক্ষেত্ৰত সহায় কৰে। ভাত, বীন, ছয়াবিন, টফু আদি খাদ্যই মাংসৰ দৰেই শৰীৰত প্ৰ’টিন যোগান ধৰে। তদুপৰি এনে খাদ্যৰ পৰা আমাৰ শৰীৰে ফাইবাৰ, ভিটামিন আৰু মিনাৰেলো লাভ কৰে, যি মাংস খোৱাৰ ফলত পোৱা নাযায়।
  • গাজৰ হৈছে স্বাস্থ্যকৰ খাদ্যসমূহৰ ভিতৰত এবিধ। গাজৰৰ বিভিন্ন গুণৰ কথা বহুতেই জানে। কিন্তু এই কথা আপুনি জানেনে যে গাজৰে জীৱনকাল দীর্ঘ কৰাৰ লগতে ব্যক্তিক দেখনিয়াৰ (আবেদনময়) কৰাতো সহায় কৰে। ইউনিভাৰ্ছিটী অব্‌ গ্লাছগ’ৰ দ্বাৰা সম্পাদিত এক গৱেষণা-পত্ৰত প্রকাশিত তথ্য অনুসৰি- গাজৰৰ কেৰোটিনয়েডে (যিয়ে গাজৰক উজ্জ্বল কমলা ৰংপ্রদান কৰে) বাৰ্ধক্য প্রক্রিয়াক ধীৰ কৰি তুলিব পাৰে। ইয়ে ব্যক্তিক দেখনিয়াৰ কৰি তোলাত সহায় কৰে।

  • ইউনিভাৰ্ছিটী অব্‌ কপেনহেগেনৰ কৰ্তৃপক্ষৰ দ্বাৰা সম্পাদিত এক গৱেষণা-পত্ৰত প্রকাশিত তথ্য অনুসৰি নাৰিকলত থকা মিডিয়াম চেইন ফেটি এচিড আৰু স্বাস্থ্যকৰ চৰ্বিয়ে ব্যক্তিৰ ডি এন এক ক্ষতিসাধনৰ পৰা ৰক্ষা কৰে। ই ব্যক্তিৰ মস্তিষ্কৰ বাৰ্ধক্য অৱস্থাক ধীৰ কৰিব পাৰে। দৰাচলতে নাৰিকলে ব্যক্তিৰ মস্তিস্কক তৰুণ তথা চোকা কৰি ৰখাত সহায় কৰে। সেয়েহে নাৰিকলে ব্যক্তিৰ আয়ুস বৃদ্ধি কৰিব পাৰে বুলি গৱেষকসকলে দাবী কৰে।
  • আশ্চৰ্যকৰীভাবে দৈয়েও আমাৰ আয়ুস বৃদ্ধিত সহায় কৰিব পাৰে। দৈ উপকাৰী বেক্টেৰিয়াৰে সমৃদ্ধ। গৱেষকসকলৰ অনুসৰি এনে বেক্টেৰিয়াই ইনফ্লেমেশ্বন বা প্ৰদাহ হ্রাস কৰে। ই ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে তথা ব্যক্তিৰ জীৱনত অন্য কেইটিমান সুস্থ বর্ষ যোগ কৰাত সহায় কৰে।

  • মিঠা আলু: কেন্সাৰ ষ্টেট ইউনিভাৰ্ছিটীৰ গৱেষকসকলৰ অনুসৰি আয়ুস বৃদ্ধিকাৰী গুণৰ বাবেই মিঠা আলুক আমাৰ খাদ্যাভ্যাসত এবিধ গুৰুত্বপূর্ণ আহাৰৰূপে অন্তৰ্ভূক্ত কৰিব লাগে। তেওঁলোকৰ দাবী মিঠা আলুত পর্যাপ্ত পৰিমাণে এন্থোছায়ানিন থাকে, যিয়ে কর্কট ৰোগৰ সম্ভাৱনা হ্রাস কৰিব পাৰে আৰু ব্যক্তিৰ জীৱনকাল বৃদ্ধিত সহায় কৰে। তদুপৰি হৃদপিণ্ডৰ স্বাস্থ্যৰ বাবেও মিঠা আলু অতি উপকাৰী।
  • ডালিম: ডালিমৰ অম্লযুক্ত ৰঙা বীজে মানুহক অমৰত্ব প্ৰদান কৰিব নোৱাৰিলেও দীর্ঘজীৱন প্রদান কৰিব পাৰে। বিজ্ঞানীসকলে গৱেষণাত এই তথ্য লাভ কৰিছে যে, ডালিমত ইউৰোলিথিন এ নামৰ এক যৌগ থাকে, যি বাৰ্ধক্যৰ বিৰুদ্ধে পেশীকোষক সবল কৰি তোলে। সেয়েহে নিয়মিতভাৱে ডালিম খালে আমি সকলোৱে দীর্ঘ জীৱন লাভ কৰিবলৈ সক্ষম হ’ব পাৰো।
Leave A Reply