Breaking

কহিনুৰ পুৰীৰ জগন্নাথ মন্দিৰৰ আছিল; ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পিছতে পুনৰ বিতৰ্কৰ সূচনা

0 518

ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ মৃত্যুৰ পিছতে পুনৰ উক দিছে বিশ্ব বিখ্যাত কহিনুৰ হীৰাৰ প্ৰসংগই। কহিনুৰ হীৰা ভাৰতৰ আছিল বুলি বিভিন্ন সময়ত দাবী উঠি আহিছে। পঞ্জাৱৰ এগৰাকী কৃষকেও এই হীৰা ভাৰতৰ আছিল বুলি দাবী কৰি এটা সময়ত ৰাণীলৈ চিঠি লিখিছিল। শেহতীয়াকৈ ওড়িশাৰ এটি সংগঠনে কহিনুৰ হীৰাকলৈ সৃষ্টি কৰিছে এক নতুন বিতৰ্কৰ। ওড়িশাৰ সামাজিক-সাংস্কৃতিক সংগঠনটোৰ দাবী, কহিনুৰ হীৰা ভগৱান জগন্নাথৰ আছিল। কহিনুৰ হীৰা ব্ৰিটেইনৰ পৰা পুৰীৰ জগন্নাথ মন্দিৰলৈ ওভতাই অনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ হস্তক্ষেপ বিচাৰিছে সংগঠনটোৱে।

উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰাজকুমাৰ চাৰ্লছ বৰ্তমান ব্ৰিটেইনৰ ৰজা । ১০৫ কেৰেটৰ কহিনুৰ হীৰা তেওঁৰ পত্নী তথা বৰ্তমান ৰাণী ডাচেছ অৱ কৰ্ণৱাল কেমিলাৰ হাতলৈ যাব ।পুৰীভিত্তিক সংগঠন শ্ৰী জগন্নাথ সেনাই দ্বাদশ শতিকাৰ মন্দিৰটোলৈ কহিনুৰ হীৰা ঘূৰাই অনাৰ প্ৰক্ৰিয়া সহজ কৰি তুলিবলৈ ৰাষ্ট্ৰপতিৰ ওচৰত এখন স্মাৰক-পত্ৰ দাখিল কৰে তেওঁলোকৰ দাবী, কহিনুৰ হীৰা শ্ৰী জগন্নাথ ভগৱানৰ । যিটো বৰ্তমান ইংলেণ্ডৰ ৰাণীৰ লগত আছে ।”আমাৰ প্ৰধানমন্ত্ৰীক অনুগ্ৰহ কৰি কহিনুৰ হীৰা ভাৰতলৈ অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মহাৰাজা ৰঞ্জিত সিঙে তেওঁৰ ইচ্ছাত ঈশ্বৰ জগন্নাথক এইটো দান কৰিছিল”৷ সেনাৰ আহ্বায়ক প্ৰিয় দৰ্শন পাটনায়কে স্মাৰক-পত্ৰখনত কয়।পাটনায়কে দাবী কৰে যে পঞ্জাবৰ মহাৰাজা ৰঞ্জিত সিঙে আফগানিস্তানৰ নাদিৰ শ্বাহৰ বিৰুদ্ধে যুঁজত জয়ী হোৱাৰ পিছত পুৰীৰ ভগৱানক হীৰাডোখৰ দান কৰিছিল ।অৱশ্যে তাক লগে লগে হস্তান্তৰ কৰা হোৱা নাছিল । ইতিহাসবিদ আৰু গৱেষক অনিল ধীৰে জনোৱা মতে, ৰঞ্জিত সিঙৰ ১৮৩৯ চনত মৃত্যু হয় আৰু ১০ বছৰ পিছত ব্ৰিটিছে কহিনুৰ হীৰা তেওঁৰ পুত্ৰ দুলীপ সিঙৰ পৰা আঁতৰাই লৈ যায়, যদিও তেওঁলোকে জানিছিল যে, এই হীৰা পুৰীৰ ভগৱান জগন্নাথক প্ৰদান কৰা হৈছিল ।পাটনায়কে দৃঢ়তাৰে কয় যে, তেওঁ এই সন্দৰ্ভত ৰাণীলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ পিছত তেওঁ ১৯ অক্টোবৰ, ২০১৬ তাৰিখে বাকিংহাম পেলেচৰ পৰা ইয়াৰ এক উত্তৰ লাভ কৰে ।

তাত মহাৰাণীয়ে ব্ৰিটিছ চৰকাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছিল । উক্ত পত্ৰখনৰ এটা প্ৰতিলিপি ৰাষ্ট্ৰপতিক দিয়া স্মাৰক-পত্ৰৰ সৈতে সংলগ্ন কৰা হৈছে বুলিও তেওঁ কয় ।আনহাতে, ছবছৰ ধৰি এই বিষয়টোত তেওঁ কিয় নীৰৱ হৈ আছিল বুলি সোধাত পাটনায়কে কয় যে, তেওঁক ইংলেণ্ড ভ্ৰমণৰ বাবে ভিছা প্ৰত্যাখ্যান কৰা হৈছিল, যাৰ বাবে তেওঁ বিষয়টো ব্ৰিটিছ চৰকাৰৰ ওচৰত দাঙি ধৰিব নোৱাৰিলে । উল্লেখ্য, সেনাৰ দাবী ন্যায় সংগত যদিও মহাৰাজা ৰঞ্জিত সিঙৰ উত্তৰাধিকাৰীৰ দৰে পাকিস্তান আৰু আফগানিস্তানৰো কেইবাজনো দাবীদাৰ আছে বুলি ধীৰে কয় ।উল্লেখ্য, মৃত্যুৰ পূৰ্বে মহাৰাজা ৰঞ্জিত সিঙৰ ইচ্ছাপত্ৰত কোৱা হৈছিল যে তেওঁ ভগৱান জগন্নাথক কহিনুৰ দান কৰিছে । উক্ত তথ্য এজন ব্ৰিটিছ সেনা বিষয়াই প্ৰমাণিত কৰিছিল, যাৰ প্ৰমাণ দিল্লীৰ ৰাষ্ট্ৰীয় আৰ্কাইভত উপলব্ধ । বুৰঞ্জীবিদজনে এনেদৰে কয় । আহাতে, ওড়িশাৰ শাসনাধিষ্ঠ বিজু জনতা দলৰ (বিজেডি) সাংসদ ভূপিন্দৰ সিঙে ২০১৬ চনত ৰাজ্যসভাত হীৰা টুকুৰা ঘূৰাই অনাৰ বিষয়টো উত্থাপন কৰিছিল ।ইফালে, পুৰীৰ বিজেপি বিধায়ক জয়ন্ত সাৰংগীয়েও কয় যে, তেওঁ বিষয়টো ওড়িশা বিধানসভাত উত্থাপন কৰিব । আনহাতে, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে কেইবছৰমান আগতে এক আৰটিআই প্ৰশ্নৰ উত্তৰত কৈছিল যে কহিনুৰ হীৰা লাহোৰৰ মহাৰাজাই তেতিয়াৰ ইংলেণ্ডৰ ৰাণীৰ ওচৰত “আত্মসমৰ্পণ” কৰিছিল আৰু প্ৰায় ১৭০ বছৰ আগতে ব্ৰিটিছসকলক “হস্তান্তৰ” কৰা নাছিল ।আনহাতে, লেখক আৰু বুৰঞ্জীবিদ উইলিয়াম ডেলৰিম্পলে তেওঁৰ “কহিনুৰ” নামৰ কিতাপখনত উল্লেখ কৰিছে যে শিখ উত্তৰাধিকাৰী দুলীপ সিঙে ৰাণী ভিক্টোৰিয়াৰ ওচৰত কহিনুৰ হীৰা সমৰ্পণ কৰাৰ বাবে অনুশোচনা কৰিছিল । কহিনুৰ হীৰা ভাৰতলৈ ওভতাই আনিবলৈ ১৯৮০ৰ দশকত বেছ জোৱাৰ উঠিছিল। কিন্তু সময়ত সকলো কথা তল পৰিছিল। এতিয়া পুনৰ সেই দাবী শক্তিশালী হৈ পৰি পৰিলক্ষিত হৈছে।

Leave A Reply