Breaking

ৰোহিতৰ দলৰ পৰা আঁতৰিল কোহলী! জয় শ্বাহৰ বিশ্বকাপৰ পৰিকল্পনাত নাই বিৰাট কোহলী…

0 54

ৰোহিতৰ দলত স্থান হেৰুৱাব নেকি কোহলীয়ে? জয় শ্বাহৰ বিশ্বকাপৰ পৰিকল্পনাত নাই বিৰাট কোহলী। কোহলীক ভাৰতীয় দলৰ পৰা বাদ দিয়া হ’ব পাৰে। ব্যক্তিগত কাৰণত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা কোহলীক বিশ্বাস কৰিব নোৱাৰে বিচিচিআইৰ বিষয়াসকলে। দ্বিতীয় সন্তান জন্মৰ পাছত বিৰাট কোহলীৰ ক্ৰিকেট জীৱনত আমূল পৰিৱৰ্তন হ’ব পাৰে। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পৰা আঁতৰি অহা প্ৰাক্তন অধিনায়কগৰাকীয়ে ভাৰতীয় দলত নিজৰ স্থান হেৰুৱাব পাৰে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে তেওঁক আগন্তুক টি-২০ বিশ্বকাপৰ বাবে দলত ৰাখিব নিবিচাৰে।

এই খবৰ বিচিচিআইৰ সূত্ৰ অনুসৰি। কোহলীৰ ঠাইত যুৱ ক্ৰিকেটাৰক সুযোগ দিয়াৰ কথা চিন্তা কৰিছে ব’ৰ্ডৰ নেতাসকলে। ব’ৰ্ডৰ এক বৃহৎ অংশই ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ টি-২০ বিশ্বকাপৰ দলত কোহলীক নিবিচাৰে। খবৰ অনুসৰি বি চি চি আইৰ সম্পাদক জয় শ্বাহেও এই কথাত সন্মতি প্ৰকাশ কৰিছে। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ভৱিষ্যতলৈ চাব বিচাৰিছে। এই কথা প্ৰকাশ কৰিছে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনত।


এই সন্দৰ্ভত বৰ্তমানেও কোনোৱে স্পষ্ট উত্তৰ দিয়া নাই। পৰৱৰ্তী সময়তহে জানিব পৰা যাব এই সন্দৰ্ভত সবিশেষ তথ্য।

Leave A Reply