Breaking

কোহলীৰ বিদায় বেলাত কোন প্ৰাক্তন প্ৰশিক্ষকৰ উচুপনি ?

0 58

বিৰাট কোহলীৰ এদিনীয়া ক্ৰিকেটৰ অধিনায়ক পদ খাৰিজ কৰাৰ পাছতো অব্যাহত আছে চৰ্চা। একাংশই ব’ৰ্ডৰ এই সিদ্ধান্তক সমৰ্থন কৰাৰ বিপৰীতে একাংশই আকৌ ব’ৰ্ডৰ এনে সিদ্ধান্তক তিক্ত সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে। সমালোচকৰ তালিকাৰ দ্বিতীয় স্থানত আছে মদন লাল। ভাৰতৰ প্ৰাক্তন অলৰাউণ্ডাৰ আৰু মুখ্য প্ৰশিক্ষক গৰাকীৰ মতে, এদিনীয়া ক্ৰিকেটত অধিনায়ক হিচাপে কোহলিৰ অভিলেখ অত্যন্ত ভাল। তেনেস্থলত তেওঁক অধিনায়কৰ পদৰ পৰা অব্যাহতি দিয়োটো উচিত নহয়। এনেদৰে তেওঁক আঁতৰাই দিব নালাগিছিল। এনে ক্ষেত্ৰত নিৰ্বাচকমণ্ডলীকে দোষিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰজনে। তেওঁ কয়, ‘মই নাজানো নিৰ্বাচকে কেনেকৈ এই সিদ্ধান্ত ল’ব পাৰিলে।

যিটো সময়ত কোহলীয়ে আকাংক্ষিত ফলাফল আনি দিছে, সেই সময়তে কোহলীক এইদৰে আঁতৰোৱাৰ কি প্ৰয়োজন আছিল? টি-২০ৰ পৰা তেওঁক আঁতৰাই পঠিওৱাৰ কাৰণটো বুজি পাইছো। কাৰণ, এতিয়া ইমান ক্ৰিকেট খেলা হয় যে, একেটা সময়তে তিনিটা ফৰ্মেটত নেতৃত্ব দিয়াটো সহজ কথা নহয়। কিন্তু সফল হোৱাৰ পাছতো, যেতিয়া আপোনাক অব্যাহতি দিয়া হয় তেতিয়া আঘাত পোৱা যায়। মই ভাবিছিলো, কোহলীক ২০২৩ চনৰ বিশ্বকাপলৈকে অধিনায়কৰ দ্বায়িত্ব প্ৰদান কৰা হ’ব। কিন্তু শেহতীয়া এই সিদ্ধান্তই ভাৰতীয় ক্ৰিকেট দলটোক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নাই তো?’ হোৱাইট বলৰ দুটা ফৰ্মেটত দুজন বেলেগ বেলেগ অধিনায়ক থকাক লৈয়ো ব’ৰ্ডৰ সভাপতি সৌৰভ গাংগুলীৰ বক্তব্যৰ বিৰোধিতা কৰিছে মদন লালে। তেওঁ কয়, ‘সমস্যাটো কি মই বুজি নাপাওঁ। দুয়োজন অধিনায়কৰ দুটা ভিন্ন ৰণনীতি আছে।সমস্যাটো কত। এতিয়া টেষ্ট আৰু সীমিত অভাৰত নেতৃত্বৰ আৰ্হি সলনি হ’ব। আন্তৰ্জাতিক ক্ৰিকেটত পেছাদাৰীত্বই বাস্তৱ কথা।’

Leave A Reply