Breaking

ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান কোকৰাঝাৰ জিলা উপায়ুক্ত

0 1,568

কোকৰাঝাৰ জিলাৰ উপায়ুক্ত ভাস্কৰ ফুকনে ভোটগণনাৰ সময়ত শান্তি-সম্প্ৰীতি বজাই ৰখাৰ লগতে যিকোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰাৰ পৰা বিৰত থাকিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও,পৰ্বতঝৰা আৰু কোকৰাঝাৰ সমষ্টিত স্থাপন কৰা তিনিটা কেন্দ্ৰত ভোটগণনা কৰা চলি আছে । ভোটগণনাৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় বা সকলো প্ৰকাৰৰ কাম যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ ওপৰত চকু দি প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave A Reply