Breaking

কলকাতা নাইট ৰাইডাৰ্ছৰ বৃহৎ জয়, ১০৬ ৰানত পৰাস্ত হয় দিল্লী কেপিটেলছ…

0 21

আই পি এলৰ ১৬ সংখ্যক মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছ। কলকাতাৰ অধিনায়ক শ্ৰেয়াছ আয়েৰে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। কলকাতাই ২০ অভাৰত ৭ উইকেটত ২৭২ ৰান সংগ্ৰহ কৰে। আই পি এলৰ ইতিহাসত এয়া দ্বিতীয় সৰ্বাধিক স্ক’ৰ। দিল্লী কেপিটেলক ২৭৩ ৰানৰ লক্ষ্য বান্ধি দিলে কলকাতাই। দিল্লীৰ প্ৰায়গৰাকী বেটাৰ কালিৰ মেচখনত ব্যৰ্থ হোৱা পৰিলক্ষিত হয়। ফলত কলকাতাই বান্ধি দিয়া বিজয় লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ দিশহাৰা দিল্লীয়ে ১৬৬ ৰানতে কেউটা উইকেট হেৰুৱাই কলকাতাৰ বিৰুদ্ধে ১০৬ ৰানৰ বিশাল ব্যৱধানত পৰাজয়বৰণ কৰিব লগা হয়।

দিল্লী কেপিটেলছ : পৃথ্বী শ্ব’, ডেভিদ ৱাৰ্নাৰ, মিচেল মাৰ্ছ, ঋষভ পন্ত (উইকেটকীপাৰ/অধিনায়ক), ত্ৰিষ্টান ষ্টাবছ, অক্ষৰ পেটেল, সুমিত কুমাৰ, ৰশিখ চালাম, অনৰিচ নৰ্খিয়া, ইশান্ত শৰ্মা, খলিল আহমেদ।

কলকাতা নাইট ৰাইডাৰ্ছ : ফিলিপ ছল্ট (উইকেটকীপাৰ), সুনীল নাৰিনে, ভেংকটেশ আয়াৰ, শ্ৰেয়াছ আয়াৰ (অধিনায়ক), ৰিংকু সিং, অংকৃশ ৰঘুবংশী, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, মিচেল ষ্টাৰক, হৰ্ষিত ৰানা, বৰুণ চক্ৰৱৰ্তী।

Leave A Reply