Breaking

নাজিৰাৰ মিছাজানত উজনি অসম ভিত্তিত কণী যুঁজৰ প্ৰতিযোগিতা, সৰ্বমুঠ প্ৰাইজ ৩০ হাজাৰ টকা…

0 24

ব’হাগ মাঁথো এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুষ ৰেখা, জনজীৱনৰপ্ৰাণ। আজি গৰু বিহু। গৰু বিহুৰ এই দিনটোত অতীতৰে পৰা চলি অহা এটি পৰম্পৰা হ’ল কণী যুঁজ। বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰভাৱত অসমৰ চহা জীৱনৰ পৰা হেৰাই যাব ধৰা এই কণী যুঁজৰ পৰম্পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে মিছাজান যুৱ সংঘৰ উদ্যোগ আৰু সমূহ মিছাজান বাসীৰ সহযোগত উজনি অসম ভিত্তিত অনুষ্ঠিত কৰিছে প্ৰাইজমণী কণী যুঁজৰ প্ৰতিযোগিতা।

তিনিটা পৰ্যায়ত ক্ৰমে চীনা, পাতি আৰু কুকুৰা কণীৰ যুঁজৰ এই প্ৰতিযোগিতাৰ সৰ্বমুঠ প্ৰাইজমণী ৩০ হাজাৰ টকা।উজনি অসম ভিত্তিত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতা খনিত দেৰগাঁও, গোলাঘাট, যোৰহাট শিৱসাগৰ আদি কৰি উজনিৰ বহুকেইখন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ।

Leave A Reply