Breaking

জিলিকি উঠিছে কনমানি মৌকুঁৱৰী গাৰ্গী কাশ্যপ

0 92

দৰঙৰ দগীয়াপাৰা গাওঁৰ কনমানি মৌকুঁৱৰী গাৰ্গী কাশ্যপ দৰঙৰ স্বচ্ছ গাওঁ দগীয়াপাৰাৰ কনমানি বিহুৱতী গাৰ্গী কাশ্যপে একক বিহু নৃত্য প্ৰদৰ্শনেৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। সৰুকালৰে পৰা পঢ়াশুনাৰ উপৰিও সাংষ্কৃতিক জগতৰ প্ৰতি অগাধ ৰাপ গাৰ্গী কাশ্যপৰ।

সংগীত বিদ্যালয়তো অধ্যয়নৰত বিহুৱতী গৰাকীয়ে ভিন্ন প্ৰান্তৰ মুকলি বিহুৰ মঞ্চত একক বিহু নৃত্য প্ৰদৰ্শনেৰে ৰাইজৰ বিপুল মৰম আৰু আদৰ পাবলৈ সক্ষম হৈছে।

অদূৰ ভৱিষ্যতে শিল্পী গৰাকীয়ে সাংষ্কৃতিক ক্ষেত্ৰখনত এক সুকীয়া স্থান দখল কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰে। প্ৰৱল ইচ্ছা থকা শিল্পী সত্বাক জাগ্ৰত কৰাত পিতৃ জিতুমনি কলিতা আৰু মাতৃ কৰবি কাকতি সদায় প্ৰেৰনা যোগাই আহিছে। শিল্পীগৰাকীৰ কষ্ট-ত্যাগ আৰু একান্ত আগ্ৰহৰ বাবে ভিন্নপ্ৰান্তত ভিন্ন পুৰষ্কাৰ প্ৰাপ্তিৰে বিভূষিত হবলৈ সক্ষম হৈছে গাৰ্গী কাশ্যপ ৷

Leave A Reply