Breaking

কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

0 2,177

১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি ষষ্ঠ দিন আন কেইদিনৰ দৰে উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয়। ২২ ডিচেম্বৰৰ পুৱা  ১০ বজাত মৰহুম জুলহাস সিকদাৰ সোঁৱৰণী স্মৃতি পৰীক্ষা অনুষ্ঠিত হয়। প্ৰতিযোগিতাখন পাটাছাৰকুছি ক্ষেত্ৰিয় পথ উপ-সংমণ্ডল সহকাৰী কাৰ্যবাহী অভিযন্তা ইমামুল ইছলাম উদ্দিনে উদ্বোধন কৰে । এই প্ৰতিযোগিতাত অতিথি হিচাপে শংকৰ আজান ৰুৰেল ডেভলপমেন্ট ছ’চাইটিৰ সভাপতি বাবুল শিকদাৰে। প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰ আৰু নগদ তিনি হাজাৰ হাজাৰ টকা লাভ কৰে আছাম ডাউন টাউন ইউনিভাৰ্ছিটিৰ নায়েবুল ইছলামে দ্বিতীয় স্থান লাভ কৰি প্ৰমাণপত্ৰ আৰু দুই হাজাৰ টকা লাভ কৰে কয়াকুছি জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ মাজিদুৰ আহমেদে  ।

আনহাতে আছাম ব্ৰিলিয়ান্ট একাডেমী স্বাহানুৰ ইছলামে তৃতীয় স্থান লাভ কৰি নগদ এক হাজাৰ আৰু প্ৰমাণপত্ৰ লাভ কৰে সাহানুৰ ইছলামে। দুপৰীয়া ১২ বজাত মৰহুম হজৰত আলী সোঁৱৰণী প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰৱন্ধ লিখা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কয়াকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ছিকান্দাৰ আলী আহমেদে । প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰ আৰু নগদ তিনি হাজাৰ টকা লাভ কৰে আছাম ব্ৰিলিয়ান্ট একাডেমীৰ সাহানুৰ ইছলামে। দ্বিতীয় স্থান লাভ কৰি প্ৰমাণ পত্ৰ আৰু দুই হাজাৰ টকা লাভ কৰে দিল্লীৰ জামিয়া মিলিয়াৰ ছাত্ৰ ৰাজিবুল আৱালে ।

আনহাতে তৃতীয় স্থান দখল কৰি একহাজাৰ টকা আৰু প্ৰমাণপত্ৰ লাভ কৰে জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ নাছিমা আকতাৰে। এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বি এইচ বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোফাজ্জেল হুছেইন, পাঠশালা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা ক্ৰমে  ভৱেশ কলিতা,দ্বীপেন মেধি আৰু পংকজ পাটগিৰি। লগতে আবেলি চাৰি বজাত আদৰ্শ বিদ্যালয় পাকাবেতবাৰীৰ প্ৰতিভা সন্ধানী কাৰ্যসূচী শুভউদ্বোধন কৰে নগাও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ আব্দুল কদ্দুছ সিকদাৰে । উক্ত অনুষ্ঠানত বৰপেটা জিলা সামাজিক বনানীকৰণৰ বিষয়া অহেৰ আলীৰ লগতে ডাঃ জিন্টুমনি নাথ প্ৰমোক্ষে কেইবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকি শোভা বৰ্ধন কৰে ।

Leave A Reply