Breaking

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী কৃষক মুক্তি সংগ্ৰাম নলবাৰী জিলা সমিতিৰ

0 1,331

নলবাৰী, ৮ ডিচেম্বৰ : কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰ মুলক ভাৱে এটাৰ পিছত আন এটা ভুৱা গোচৰ জাপি দি চৰকাৰে দীৰ্ঘ দিন ধৰি জেলত ভৰাই ৰাখিছে ৷ কৃষক নেতা জনক মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ সমান্তৰালকৈ কৃষক নেতা গৰাকীক মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ সদস্য সকলেও চহৰখনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সম্মুখত যোৱা কালিৰে পৰা ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰুপায়ন কৰিছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নলবাৰী জিলা সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তী, সভাপতি ৰৌফ আলী, সম্পাদক দ্বীপেন কলিতাৰ নেতৃত্বত ভালেসংখ্যক নেতা কৰ্মী আৰু স্থানীয় ৰাইজে এই অনশনত অংশ গ্ৰহণ কৰে । লগতে “কা”আন্দোলনৰ অন্যতম নেতা গৰাকীক যোৱা এবছৰ ধৰি চৰকাৰে জেলত আবদ্ধ কৰি ৰাখি শাৰিৰীক মানসিক নিৰ্যাতন চলোৱাতে ক্ষান্ত নাথাকি কৃষক মুক্তি সংগ্ৰাম সমিতি খনক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । বিজেপি চৰকাৰে অখিল গগৈক জেলত ভৰাই ৰাখি অভিষ্ট সিদ্ধিৰ কথা ভাবিলে সেয়া বিষম হ’ব বুলি মন্তব্য কৰাৰ লগতে অখিল গগৈৰ ভয়ত এতিয়া বিজেপি চৰকাৰ খন ত্ৰষ্টমান হোৱা বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতা সকলে । অতি শীঘ্ৰেই যদি অখিল গগৈক মুক্তি নিদিয়ে তেনেহ’লে অনাগত দিনত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ।

Leave A Reply