Breaking

মৰিয়নী থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট…

0 65

মৰিয়নী থানা তিনিআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট ৷ ঐতিহাসিক হাতীগড়ৰ বেদখল কৰাত বহিৰাগতক সহযোগ কৰা ৰাজহচক্ৰ বিষয়া,লাঠমণ্ডল,মণ্ডল ক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

মৰিয়নীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিতাবৰ মহকুমাৰ সমিতিৰ সহায়ত মৰিয়নী আঞ্চলিকে মৰিয়নী থানা তিনি আলিত অৱস্থান ধৰ্মঘট কায্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মৰিয়নী কাঠকটীয়াত বহিৰাগত বনিয়াৰ দখলত ঐতিহাসিক হাতীগড়ৰ ভূমিলৈ এই প্ৰতিবাদ ।

বেদখল উচ্ছেদ কৰাৰ দাবীত সংগঠনটোৰ প্ৰতিবাদ৷উল্লেখ্য যে যোৰহাট মৰিয়নী পথৰ কাষৰ ঐতিহাসিক হাতীগড়ৰ এটা অংশ যোৰহাটৰ সুনীল জালান নামৰ এগৰাকী বহিৰাগত পুজিপতিয়ে বেদখল কৰাত দুদিন পূৰ্ৱে আটাছুৱে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ ৰিপৰ্ট

Leave A Reply