Breaking

লণ্ডনৰ ৰাজপথত যুৱকৰ হাতত ধৰি খোজ দিলে কৃতি চাননে! যুৱকজন ধোনিৰ ঘনিষ্ঠ বন্ধু…

0 19

অভিনেত্ৰী কৃতি চাননৰ সৈতে মহেন্দ্ৰ সিং ধোনিৰ ঘনিষ্ঠ বন্ধুৰ সম্পৰ্ক। কোন সেইজন ব্যক্তি? কৃতি চানন বৰ্তমান বলীউডৰ অন্যতম ব্যস্ত অভিনেত্ৰী। এশেহতীয়াকৈ তেওঁৰ আৰু শ্বাহিদ কাপুৰ অভিনীত ছবি খনে বক্স অফিচত সামগ্ৰিকভাৱে ভাল প্ৰদৰ্শন কৰিছে। অতি শীঘ্ৰে মুক্তি পাব তেওঁৰ ছবি ‘ক্ৰু’। ইতিমধ্যে ছবিখনৰ প্ৰচাৰ আৰম্ভ হৈছে। ইফালে লণ্ডনৰ ৰাজপথত এজন পুৰুষৰ সৈতে দেখা গ’ল অভিনেত্ৰীগৰাকীক। লণ্ডনৰ ৰাজপথত এজন অনুৰাগীয়ে ফোটো তুলি ৰাখিলে কৃতি আৰু সেই ব্যক্তিজনক। জানিব পৰা মতে, সেই যুৱকজন মহেন্দ্ৰ সিং ধোনিৰ ঘনিষ্ঠ বন্ধু।


শুনা যায় যে সেই ব্যক্তিজন কবীৰ বাহিয়া। তেওঁ এজন উদ্যোগী, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনী আৰু তেওঁৰ পত্নী সাক্ষী ঘনিষ্ঠ বন্ধু। সাক্ষী-ধোনীৰ কৃতি আৰু কবীৰৰ ছবিও আছে। ইনষ্টাগ্ৰামত ইজনে সিজনক ফ’ল’ কৰে। অৱশ্যে কৃতিৰ প্ৰেমৰ উৰাবাতৰি সময়ে সময়ে বিয়পি পৰিছে। কেতিয়াবা তেওঁৰ নাম দক্ষিণৰ তাৰকা প্ৰভাসৰ সৈতে। কিন্তু প্ৰতিবাৰেই কৃতিয়ে এই খবৰ নাকচ কৰি আহিছে। যোৱা বছৰ অভিনেত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

Leave A Reply