Breaking

মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…

0 20


সদ্য ঘোষিত চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ এশ শতাংশ পৰীক্ষাৰ্থী উৰ্তীৰ্ণ হৈ বৰক্ষেত্ৰী অঞ্চলৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।বৰক্ষেত্ৰীৰ অতিকৈ পিছপৰা কালদি গাঁৱত স্থাপিত পিএমশ্ৰী আদৰ্শ বিদ্যালয়ৰ সদ্য ঘোষিত চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ আজি বিদ্যালয় চৌহদৰ বাকৰিত আয়োজন কৰে এখনি সম্বৰ্ধনা সভা। সম্বৰ্ধনা সভাত উপস্থিত থাকি নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকাই কয় শিক্ষাৰ নৱদ্বীপ ৰূপে খ্যাত নলবাৰীত আজি প্ৰজ্ঞাৰ অভাৱ নাই।নলবাৰীৰ ল’ৰা-ছোৱালী অতি চোকা। বিদ্যালয়খনৰ মেধাৱী শিক্ষাৰ্থী সকলক উৎসাহিত কৰিবলৈ আয়ুক্ত ডেকাই নিজৰ শিক্ষা জীৱনৰ প্ৰসংগ উল্লেখ কৰি কয় যে তেওঁ নিজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ কুৰি গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত দশম স্থান লাভ কৰিছিল।দশম স্থান লাভ কৰিয়ো তেখেতে সন্তুষ্ট হব পৰা নাছিল এই কাৰণে যে তেখেতে আৰু অলপ কিয় আগবাঢ়িব নোৱাৰিলে।

সভাত আয়ুক্ত ডেকাই ছাত্ৰ-ছাত্ৰী সকলক কেতিয়াও হাৰিবলৈ মান্তি নহবলৈ পৰামৰ্শ আগবঢ়াই।সভাত অসমৰ আদৰ্শ বিদ্যালয় সংগঠনৰ পৰিচালন সঞ্চালিকা অনুজা ভূঞাই নিজৰ ভাষনত শিক্ষাৰ্থী সকলক পৰীক্ষাত নম্বৰেই মূল কথা নহয় বুলি কয়।জ্ঞান আহৰণত ছাত্ৰ-ছাত্ৰীয়ে সদায় গুৰুত্ব আৰোপ কৰিব লাগিব বুলি কয়।আজিৰ সভাখনত কৃতী শিক্ষকৰ বাবে ৰাজ্য চৰকাৰৰ পৰা বটা লাভ কৰা দাহুদি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, শিক্ষাবিদ,ভবেন্দ্ৰ নাথ শৰ্মা, কালদি গোপালথান হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নগেন দাস,জয়সাগৰ শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত মহন্তয়ো শিক্ষাৰ্থী সকলৰ উদ্দেশ্যে ভাষন দিয়ে।

সভাখনত আদৰ্শ বিদ্যালয় সংগঠনৰপৰা বিদ্যালয়খনৰ ৯০% ৰ ওপৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৫ গৰাকী পৰীক্ষাৰ্থীক গামোচা, মানপত্ৰ,আৰু একোটা মিঠাইৰ টোপোলা উপহাৰ দিয়ে।উল্লেখ্য যে এইবাৰৰ বিদ্যালয়খনৰ পৰা চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ২৫ গৰাকী পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকীয়ে উত্তীৰ্ণ হৈছে। ইয়াৰে ২০ গৰাকীয়ে ১ম বিভাগত আৰু ৫ গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে।তদুপৰি বিদ্যালয়খনৰ সৃষ্টি শ্ৰেয়ম নামৰ পৰীক্ষাৰ্থী গৰাকীয়ে অসমীয়া, গণিত আৰু সমাজ বিজ্ঞান বিষয়ত এশৰ ভিতৰত এশ আৰু মুঠ নম্বৰৰ ৯৮.২% লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। আনহাতে, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ইংৰাজী মাধ্যমৰ এই বিদ্যালয়খনৰ পৰীক্ষাৰ্থী সকলে দশম শ্ৰেণীৰ ফাইনেল পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণ হোৱা বাবে বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী সকলক অসমৰ শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়।

Leave A Reply