Breaking

লঃলে নিঃতম গুমৰাগ চঃমানে কঁপালে মাজুলীৰ নামনি গেজেৰা

0 71

মিচিং সকলৰ পিতৃ সংগঠন বাঃনৗ কৗবাঙৰ শতবৰ্ষৰ দেওবাৰে দ্বিতীয়টো দিন৷ তিনিদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ নামনি গেজেৰাত উদযাপন কৰা হৈছে বাঃনৗ কৗবাং৷


তাৰে লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে৷


উল্লেখ যোগ্য যে ১৯২৪ চনৰ এই দিনটোতে অৰ্থাৎ( ১৬ জুলাই তাৰিখে) শ্ৰীশ্ৰী পীতাম্বৰদেৱগোস্বামীৰ সহযোগ আৰু সভাপতিত্বত বাঃনৗ কৗবাঙে প্ৰতিষ্ঠা লাভ কৰিছিল৷

যাৰ উদ্দেশ্য আছিল শিক্ষা, সংস্কৃতি আৰু সুন্দৰ জীৱন যাপনৰ সম্পৰ্কে নিৰক্ষৰসকলক সজাগ কৰা৷

তাৰেই শতবৰ্ষৰ শুভাৰম্ভণি উদযাপন কৰি কবিতা, নৃত্য প্ৰতিযোগিতা, ঐনিঃতম প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰা হৈছে৷
-প্ৰাঞ্জল গাৰে, মাজুলী

Leave A Reply