Breaking

অৰুণাচলী সুৰাত অসমৰ লেবেল ।

0 29

মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীৰ চকুৰ সম্মুখেৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা মাৰ্ঘেৰিটাৰ বিভিন্ন ধাবাসমূহলৈ সৰবৰাহ হৈ আছে সুৰা। তেনে সময়তে অৰুণাচলী সুৰা অসমৰ সুৰাৰ বটলত ভৰাই বিশেষ পদ্বতিৰে সাফৰ লগাই বিক্ৰি কৰি অহা এক দুষ্টচক্ৰ মাৰ্ঘেৰিটা আবকাৰী বিভাগৰ জালত । বহু সংখ্যক সুৰাৰ বটল সাফৰসহ সহ দুজনক গ্ৰেপ্তাৰ ।

মাৰ্ঘেৰিটা আৰু ডিগবৈ আৱকাৰী বিভাগৰ যুটীয়া অভিযানত অৰুণাচলী সুৰা অসমৰ সুৰাৰ বটলত ভৰাই বিশেষ পদ্বতিৰে সাফৰ লগাই বিক্ৰি কৰি অহা এক দুষ্টচক্ৰ হাতে- লোটে ধৰা পৰে । বহু সংখ্যক সুৰাৰ বটল সাফৰসহ দুজন গ্ৰেপ্তাৰ হয় আবকাৰীৰ হাতত ।মাৰ্ঘেৰিটা মাকুমবাগান তিনিআলিৰ এখন পান দোকানৰ অচিলা লৈ দীৰ্ঘদিনৰ পৰা দীপক কুমাৰ শ্বাহ আৰু শশীকান্ত পাণ্ডেই এইদৰে কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা ক্ৰয় কৰি আনি পাছত সংগ্ৰহীত SALE FOR Assam লিখা খালি সুৰাৰ বটলত অৰুণাচলৰ সুৰা ভৰাই বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল ।

Leave A Reply