Breaking

টীয়কৰ হোলোঙাপাৰত লাচিত দিৱস পালন

0 2,351

সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰ লাচিত মৈদাম প্ৰাংগনটো দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস । পুৱা বন্তি প্ৰজ্বলন কৰি লাচিতৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসে ।ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে লাচিত মৈদাম সংৰক্ষণ সমিতিৰ বিষয় ববীয়াই। কাৰ্যসুচিৰ লগত সংগতি ৰাখি এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । অনুষ্ঠিত প্ৰতিযোগিতা ভাগি হোলোঙাপাৰ জিলা পৰিষদৰ সভাপতি প্ৰণতি বৰপাত্ৰ গোহাঁইয়ে শুভাৰম্ভ কৰাৰ লগতে কাকজান মহাবিদ্যালয় সহযোগি অধ্যাপক তুফেল জিলানি,যোৰহাট জিলা বিজেপিৰ যুৱ মৰ্চা সম্পাদক আইচেং সন্দিকৈ, স্থানীয় শিক্ষক হীৰেন শৰ্মা,হৰেন বৰুৱা,মহেন্দ্ৰ গগৈ উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে । লগতে এই কাৰ্যসূচিত লাচিত সেনা ,আহোম সেনাকে ধৰি বিভিন্ন অনুষ্টান প্ৰতিষ্ঠানে  সহযোগিতা আগবঢ়াই ।

Leave A Reply