Breaking

অভাৱ দক্ষতা বিকাশৰ অন্তৰায় হব নোৱাৰে, নগাৱত সৌন্দৰ্য চৰ্চা কেন্দ্ৰ উদ্বোধন

0 146

দৈনন্দিন বাৰ্তা সেৱা, নগাঁও, ৩১ অক্টোবৰঃ নগাঁও জিলাৰ ইটাচালিস্থিত দক্ষতা বিকাশ কেন্দ্ৰ এ.এছ.ডি.এমৰ প্ৰাঙ্গনত ফ’ৰইভাৰ সৌন্দৰ্য চর্চা কেন্দ্ৰ উদ্বোধন কৰা হয়। নগাঁও পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ বিভা ৰাণী শইকীয়াই ফিটা কাটি উদ্বোধন কৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংবাদিক দেৱজিত হাজৰিকাই।

হাজৰিকাই নিজৰ বক্তব্য কয় যে যোগ্যতা আনিবলৈ হলে দক্ষতা বিকাশ কৰিব লাগিব। অভাৱ দক্ষতা বিকাশ অন্তৰায় হব নোৱাৰে। লক্ষ্য আৰু সপোন থাকিলে নিজৰ সাধনাৰে মানুহ লক্ষ্যত উপনীত হৈ কৃতকাৰ্য লাভ কৰিব পাৰে।

সৌন্দৰ্য চৰ্চা বিশেষজ্ঞ নাজিয়া হাচান চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত এ.এছ.ডি.এম দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰকল্প পৰিচালক ইহতেচাম চৰকাৰ, তৈচুফ উদ্দিন আহমেদ, দেৱ কুমাৰ দাসৰ লগতে ছাত্ৰী সকল উপস্থিত থাকে।

উল্লেখ্য যে সৌন্দৰ্য চৰ্চা কেন্দ্ৰটিত যুৱতী আৰু মহিলা সকলে সৌন্দৰ্য চৰ্চাৰ লগতে মহিলা সকলে স্বাবলম্বিতাৰে আগবাঢ়ি যাবলৈ সহায়ক হব বুলি সৌন্দৰ্য চৰ্চাৰ বিশেষজ্ঞ নাজিয়া হাচান চৌধুৰীয়ে মত প্ৰকাশ কৰে।

Leave A Reply