Breaking

লাহৰীঘাটৰ হিন্দু জাপৰিত খহনীয়াগ্ৰস্ত ১০ খন গাঁও

0 1,024

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ হিন্দু জাপৰিত ১০ খন গাঁৱৰ খহনীয়া গ্ৰস্ত ৰাইজৰ প্ৰতিবাদ । নদীৰ পৰা এক কিলোমিটাৰ দুৰত মথাউৰী নিৰ্মানৰ দাবীত এই প্ৰতিবাদ। লাহৰীঘাটৰ বৰালিমাৰীত প্ৰতিবাদত নামিল খহনীয়াগ্ৰস্ত ৰাইজ । এই প্ৰতিবাদ খহনীয়া প্ৰতিৰোধ বা মথাউৰী নিৰ্মণৰ বিৰুদ্ধে নহয়। এটা ৫৮.২৪ কোটি ব্যয় সাপেক্ষ মথাউৰীৰ স্হানক লৈ চলা ষড়যন্ত্ৰৰ  প্ৰতিবাদ।

অভিযোগ মতে মৰিগাঁও জলসম্পদ বিভাগে নদ্ধাৰণ কৰা স্হান সলনি কৰি একাংশ লোকে নদীৰ পৰা ৫০০ মিটাৰ দুৰত বৰালিমাৰীত মঠাউৰী নিৰ্মানৰ ষড়যন্ত্ৰত নামি জলসম্পদ বিভাগক ভুল বাটে পৰিচালনাৰ চেষ্টা কৰিছে। প্ৰতিবাদ কাৰী সকলে কৰা অভিযোগ মতে নদীৰ পৰা ৫০০ মিটাৰ দুৰত মথাউৰী নিৰ্মাণ কৰিলে এবছৰতে জাহ যাব বহুকোটি টকীয়া মঠাউৰীটো।

তদুপৰি ১০ খন গাৱৰ খহনীয়াগ্ৰস্তৰ আশ্ৰয় স্হল নোহোৱা হব। মধ্যভোগী দালালৰ ষড়যন্ত্ৰত ভুল নাযাবৰ বাবে প্ৰতিবাদ কাৰীৰ আবেদন চৰকাৰক। উল্লেখ্য যে নাৱাৰ্ডৰ ৫৮.২৪ কোটি পুঁজিৰে অঞ্চল টোত নিৰ্মান হব ১৪ কিলোমিটাৰৰ বৃহৎ মথাউৰীটো। সেয়ে জলসম্পদ বিভাগে নিশ্চিত কৰা বিজ্ঞানসন্মত স্হানতে নদীৰ পৰা ১০০০ মিটাৰ দুৰত মথাউৰী নিৰ্মাণৰ দাবী এইসকল খহনীয়াগ্ৰস্ত ৰাইজৰ । 

Leave A Reply