Breaking

মৰিগাঁও জিলা “উচুঁ” চেম্পিয়নশ্বিপত উজলিল লাহৰীঘাট উচুঁ ক্লাৱ, ৫ টা সোণ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়ালে লাহৰীঘাট উচুঁ ক্লাৱে…

0 35

মৰিগাঁও জিলা ২০২৪ বৰ্ষৰ চতুর্থ বাৰ্ষিক “উচুঁ  চেম্পিয়ন” প্ৰতিযোগিতা যোৱা ১৮ আৰু ১৯ মে’ত মৰিগাঁও ক্ষীৰুদ বৰুৱা ইণ্ডৰ ষ্টেডিয়ামত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয়। পশ্চিম মৰিগাঁও উচুঁ ইউনিটৰ সৌজন্যত আয়োজিত জিলা ভিত্তিত উচুঁ প্ৰতিযোগিতাত  ৬ টা ইউনিটৰ মুঠ ৩০ গৰাকী খেলুৱৈয়ে ৪ টা শাখাত অংশ গ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ ফলাফল আছিল এনেধৰণৰ প্রথম স্হান মৰিগাঁও, দ্বিতীয় স্হান পশ্চিম মৰিগাঁও আৰু তৃতীয় স্হানত লাহৰীঘাট উচুঁ ক্লাৱ। ৪ টা শাখাত ক্ৰমে চিনিয়ৰ, জুনিয়ৰ, চাব জুনিয়ৰ আৰু ইয়ুথৰ মাজত কাইটেৰিয়া অনুযায়ী প্ৰতিযোগিতাত খেলুৱৈ সকলে অংশগ্রহণ কৰে। প্ৰথম দিনা অৰ্থাৎ ১৮ মে’ত প্ৰশিক্ষক সকলৰ অনুশীলন হয় আৰু দ্বিতীয় দিনা ১৯ মে’ত খেলুৱৈ সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। লাহৰীঘাট উচুঁ ক্লাৱৰ তৰফৰ পৰা মুঠ ৬ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰি তাৰে ৫ গৰাকী খেলুৱৈয়ে সোণৰ পদক লাভ কৰে আৰু এগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। লাহৰীঘাট উচুঁ ক্লাৱৰ সোণৰ পদক লাভ কৰা খেলুৱৈ সকল ক্ৰমে ৰাইহান তানজিৰ, চীমাং ৰাণী বাগলাৰী, আতিফা নাৰ্গিজ, সবিতা বড়ো আৰু গণেশ বাগলাৰী।

একমাত্র ব্ৰঞ্জৰ পদক লাভ কৰা খেলুৱৈ জন হ’ল প্ৰভাকন বাগলাৰী। প্ৰতিযোগিতাত গুৱাহাটীৰ পৰা ২ গৰাকী ৰাষ্ট্ৰীয় পৰিচালক  কুমুদ গগৈ আৰু পুলামানন্দ হাজঙৰ লগতে লাহৰীঘাট উচুঁ ক্লাৱৰ ২ গৰাকী প্ৰশিক্ষক হাচিনা বেগম আৰু আমিনুল হক আৰু আয়োজক সকলৰ তৰফৰ পৰাও প্ৰতিযোগিতা চলোৱাত সহায় সহযোগিতা আগবঢ়ায়। লাহৰীঘাট উচুঁ ক্লাৱৰ হৈ হাচিৰাম বাগলাৰীক টিম মেনেজাৰৰ বঁটা প্ৰদান কৰা হয়। বিজয়ী হোৱা আটাই কেইজন খেলুৱৈকে স্হান অনুযায়ী সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ সৈতে এখনকৈ মানপত্র প্ৰদান কৰা হয় আয়োজক গোষ্ঠীৰ তৰফৰ পৰা। উল্লেখ্য যে এই প্ৰতিযোগিতাত বিজয়ী হোৱা উচুঁ খেলুৱৈ সকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্রহণ কৰাৰ সুবিধা লাভ কৰিছে বুলি জানিব পৰা গৈছে। লাহৰীঘাট উচুঁ ক্লাৱৰ বিজয়ৰ ধাৰাৰ লগতে সোণৰ পদক লাভ কৰাৰ চিলচিলাও অব্যাহত ৰাখিছে। বহু কষ্টৰ মাজেৰে প্ৰশিক্ষক হাচিনা বেগম, আমিনুল হক আৰু পৰিচালনা সমিতিয়ে লাহৰীঘাট উচুঁ ক্লাৱটি বৰ্তমানলৈকে  ছাত্র ছাত্রী সকলক প্ৰশিক্ষণ দি আছে। লাহৰীঘাট বাসীৰ বাবে এয়াও এক অনবদ্য গৌৰৱৰ বিষয়।

Leave A Reply