Breaking

দিন দুপৰতে চলন্ত মটৰ চাইকেলৰে মহিলাৰ পৰা কঢ়ি লৈ গল লক্ষধিক টকা

0 2,029

দিন দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰি, ডকাইটিৰ লগতে চিলনী চোৰৰ সন্ত্ৰাস। সময়ে সময়ে আৰক্ষীয়ে অভিযান চলাই চুৰি, ডকাইতি আদি কাৰ্যত জড়িত লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে যদিও চোৰৰ উপদ্ৰপ কমি যোৱা নাই, বৰং বৃদ্ধি হৈয়ে আছে। বিশেষকৈ ৰাজ্যৰ বিভিন্ন ঠাইত চিলনী চোৰৰ সন্ত্ৰাসে ভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে। এইবাৰ দিন দুপৰতে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত উপৰহালীত চিলনী চোৰে সন্ত্ৰাস চলাই লুতি গৈ গল লক্ষধিক টকা। এই ঘটনাৰ চি চি টিভিৰ ফুটুজ ভাইৰেল হোৱাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত জানিব পৰামতে, আজি দিনৰ ভাগত মিৰ্জাস্থিত ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা লোহাৰঘাটৰ বিচিত্ৰা ৰাভা নামৰ মহিলা গৰাকীয়ে এক লাখ টকা উলিয়াই পুতেকৰ সৈতে মটৰ চাইকেলেৰে বিজয়নগৰলৈ আহি আছিল। তেনে সময়তে বিজয়নগৰৰ উপৰহালীত তেওঁলোকক অনুসৰণ কৰি পিছফালৰ পৰা অহা দুই মটৰ চাইকেল আৰোহী ৰূপী চিলনী চোৰে মহিলাগৰাকীৰ পৰা টকা ভৰ্ত্তি বেগ কাঢ়ি লৈ আৰক্ষী তথা জনসাধাৰণৰ সমুখেৰেই সহজতেই পলাই যাবলৈ সক্ষম হয়। ইয়াৰ পিছতেই মহিলাগৰাকীয়ে অসহায় হৈ বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনা সমগ্ৰ দক্ষিণ কামৰূপতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Leave A Reply