সুখোৱাৰঝাত ভূমি কেন্দ্ৰিক প্ৰচণ্ড মাৰপিট, গুৰুতৰভাৱে আহত তিনিজন, চিকিৎসালয়ত ভৰ্তি…

সুখোৱাৰঝাত ভূমি কেন্দ্ৰিক প্ৰচণ্ড মাৰপিট, গুৰুতৰভাবে আহত তিনিজন, চিকিৎসালয় ভৰ্তি। বাঘবৰৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাৰঝাৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি পিতা-পুত্ৰ দুই পৰিয়ালৰ মাজত ভয়ঙ্কৰ মাৰপিট হয়।

জানিব পৰা মতে ৰজৱ আলী আৰু আজাহাৰ আলী দুই পৰিয়ালৰ মাজত নিশাৰ ভাগত ভুমিক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিট । উক্ত মাৰপিটত ৰজৱ আলীৰ বৰ পত্নী শ্বাহজা ভানু(৬০) ,নাতি আমিৰ হুছেইন আৰু পুত্ৰ আজাহাৰ আলী গুৰুতৰ ভাবে আহত হয় ।

গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত তিনিওকে সংকটজনক অৱস্থাত আলোপতিচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটাস্থ FAAMCH লৈ প্ৰেৰণ কৰে । ভুক্তভোগী আজহাৰ আলী পৰিয়ালে ন্যায় বিচাৰি আলোপতিচৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে

নগৰবেৰাৰ পৰা আবুল হুছেইন

Related Articles