Breaking

ৰাষ্ট্ৰ আৰু মানব কল্যানৰ স্বাৰ্থত আশ্ৰম নিৰ্মানৰ বাবে ভূমি দান

0 1,325

ৰাষ্ট্ৰ তথা মানৱ ও জীৱ কল্যাণৰ বাবে ওদালগুৰি জিলা মাজবাটৰ ৰঙাপানী ভিচিডিচিৰ অন্তৰ্গত নগাঁও বস্তীৰ পতঞ্জলি ভাৰত স্বাভিমান জীৱন দায়িনী সেৱা ব্ৰতী  বিপিন প্ৰসাদ ৰাভাই নিজৰ পৈত্রিক সম্পত্তি ৫ বিঘা ভূমি “আশ্ৰম” নিৰ্মাণৰ বাবে ৰাষ্ট্ৰ ও মানৱ কল্যাণৰ বাবে  যোবা ২০জুলাইত উৎসৰ্গা কৰে। তেওঁৰ মতে আশ্ৰম খনত যোগা, আয়ুৰ্বেদিক জড়িবুটি,গৌ-শালা, গুৰুকুল বিদ্যালয়, জৈৱিক কৃষি অনুসন্ধান কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়,আশ্ৰম নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।সভাত সভাপতিত্ব কৰিছিল  ৰবিৰাম গৌড় দেৱে ।উপস্থিত  থাকে  ওদালগুৰি জিলাৰ একল বিদ্যালয় সহ সম্পাদক  পুষ্প ঢকাল , ৰাভা সমাজৰ  সমাজসেৱাক  ধনেশ্বৰ ৰাভা , বিশ্ব হিন্দু পৰিষদৰ প্ৰচাৰক  ধৰ্মৰাজ জী ,  ৰতন গৌড় ,  সজু কাৰ টংলা, গণেশ গোস্বামী কলাইগাঁও লগতে স্থানীয় ধৰ্মপ্ৰাণ ৰাইজ ।সভাৰ অন্তত ভূমিদাতা বিপিন প্ৰসাদ ৰাভা দেৱক সভাপতি আৰু পুষ্প ঢকাল দেৱক সাধাৰণ সম্পাদক হিচাপে লৈ ১১ জনীয়া আশ্ৰম পৰিচালনা সমিতি গঠন কৰা হয়। ২০জুলাইত ৰাতিপুৱাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে হম-যোগ্য,নাম-কীৰ্তন,আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়।উক্ত কাৰ্য্যসূচীত ওদালগুৰি জিলাৰ পৰা বিভিন্ন ঠাইৰ পৰা অহা সংঘ পৰিয়ালৰ সদস্য,আৰ এচ এচ,বজৰং দলৰ কাৰ্যকৰ্তা উপস্থিত থকাৰ উপৰিও শ্বিলংখুটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক  ৰবিৰাম গোড়,শ্বিলংখুটি বিদ্যাপীঠৰ প্ৰধান শিক্ষক হৰি খনাল দেৱ, ভাৰতীয় জনতা পাৰ্টীৰ হৈ ধনশ্ৰী আৰু ৰৌতা মণ্ডলৰ সভাপতি মিন্টু দৈমাৰী আৰু ৰবীন দৈমাৰী দেৱ উপস্থিতি সহায় সহযোগিতা কৰে ৷

Leave A Reply