Breaking

BTRত ১ ফেব্ৰুৱাৰীৰ পৰা মাটিৰ কিনা-বেচাৰ অনুমতি

0 2,041

কোকৰাঝাৰত কালিৰে পৰা অনুষ্ঠিত হৈছে বিটিআৰ চুক্তিৰ এবছৰ সম্পূৰ্ণ হোৱাৰ বাবে বিজয় উৎসৱ। সেই উদ্দেশ্য কালিৰ দিনটোত কোকৰাঝাৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক তথা অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰিছল বিশাল জনসভাত ।

সেই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১ ফেব্ৰুৱাৰীৰ পৰা বিটিআৰত মাটিৰ কিনা-বেচাৰ অনুমতি প্ৰদান কৰা হ’ব। নিজ জিলাতেই পাব মাটি ক্ৰয়-বিক্ৰয়ৰ অনুমতি ।

লগতে এই সভাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা-বেচাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। BTRৰ ৰাস্তা-পথৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা। ওদালগুৰিত স্থাপন কৰা হ’ব বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ নতুন কেম্পাছ। লগতে বাক্সা আৰু চিৰাং জিলাক হ’ব নতুন মডেল কলেজ।চৰকাৰে বিটিআৰৰ চুক্তিৰ সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰিব বুলিও মন্তব্য কৰে ।

Leave A Reply