Breaking

ঘগ্ৰাপাৰ হাইস্কুলত নাম ভৰ্তিৰ বাবে লানি নিছিগা সোঁতঃ বিপদত পৰিচালনা সমিতি

0 1,037

যিটো সময়ত চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰী বিচাৰি শিক্ষকে ঘৰে ঘৰে যাব লগা হৈছে, শিক্ষাৰ্থীক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৃষ্ট কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ন কৰিব লগা হৈছে, সেই সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ হাইস্কুলত নাম ভৰ্তি ৰ বাবে হাহাকাৰৰ সৃষ্টি হৈছে। ১৯৪৯ চনতে ঘগ্ৰাপাৰৰ মাজমজিয়াত স্থাপন কৰা ঘগ্ৰাপাৰ হাইস্কুলত বিগত বৰ্ষত নলবাৰী জিলাৰ ভিতৰতে সৰ্বাধিক ছাত্ৰ ছাত্ৰী আছিল। এইবেলিও নৱম আৰু ষষ্ঠ শ্ৰেণীৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত কৰি নাম ভৰ্তিৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে বিদ্যালয় পৰিচালনা সমিতি আৰু শিক্ষক গোটে। বিদ্যালয়খনত বৰ্তমানেও  ৯০০ গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰী থকাত পুনৰ ষষ্ঠ মান  শ্ৰেণীত প্ৰায় ১৪০ গৰাকী ছাত্ৰ ছাত্ৰীক নাম ভৰ্তিৰ  সুবিধা দিব পাৰিব যদিও এইবেলি অষ্টম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈছে ১৩৮ আৰু নৱম মানত ফেল কৰিছে ৭০ গৰাকী সেইমৰ্মে বৰ্তমান নৱম শ্ৰেণীত আছে ২০৮ গৰাকী । নতুনকৈ মাত্ৰ কেইগৰাকীমান হে নাম ভৰ্তিৰ সুবিধা পাব যদিও সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত নাম ভৰ্তি কৰিব নোৱাৰিব। আওপুৰণিয়া সৰু সৰু শ্ৰেণী কোঠাৰ বাবে , শিক্ষকৰ অভাৱ তথা আন্তঃগাঁঠনি অভাৱৰ বাবে বৰ্তমান বিদ্যালয়খনৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰী সকল বঞ্চিত হব লগা হৈছে। প্ৰায় ৯০০ গৰাকীৰ অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ উক্ত সমস্যা দীৰ্ঘদিনিয়া। আজি নৱম আৰু ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছৰে পৰা বিদ্যালয়খনত নাম ভৰ্তিৰ বাবে অভিভাৱক সকলে হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হয়।

আনহাতে বাছনি পৰীক্ষাৰ প্ৰাকক্ষণত অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্য বিদ্যালয়খনত কি কাৰণত সকলো ছাত্ৰ ছাত্ৰীক নাম ভৰ্তিৰ সুবিধা দিব নোৱাৰিব সেই সম্পৰ্কে বাখ্যা কৰি  বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাথু ৰাম তালুকদাৰ আৰু বাছনি পৰীক্ষাৰ সভাপতি ৰাতুল চন্দ্ৰ ডেকাই দুখ প্ৰকাশ কৰে।বৰ্তমান নাম ভৰ্ত্তিৰ বিষয়টোৱে শিক্ষক গোট আৰু পৰিচালনা সমিতিক বিপদত পেলোৱা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে শিক্ষকৰ পদ খালী থকা, আন্তঃগাঁথনি অতি দুৰ্বল হোৱাৰ পিছতো বিদ্যালয়খনত অভিভাৱক সকলৰ দিহা পৰামৰ্শত বিদ্যালয় সপ্তাহ, বিভিন্ন খেল ধেমালি,  নিয়মীয়া ভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে ধাৰাবাহিকভাবে “অংকুৰ” নামৰ বাৰ্ষিক আলোচনী প্ৰকাশ কৰা হয়। এন, চি, চিৰ ক্ষেত্ৰত বিশেষ সুবিধা থকা বিদ্যালয়খনত শৈক্ষিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিবলৈ ঘগ্ৰাপাৰ অঞ্চলৰ সচেতন অভিভাৱক তথা বিভিন্ন দল,সংগঠনে দাবী জনাইছে।

Leave A Reply