Breaking

শিৱসাগৰৰ জয়সাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা ! কথমপি ৰক্ষা পৰিল পথচাৰী…

0 14

শিৱসাগৰত ট্ৰেলাৰৰ পৰা বাগৰি পৰিল বৃহৎ লোহা । ভয়ংকৰ দুৰ্ঘটনাৰ কথমপি ৰক্ষা পৰিল পথচাৰী। বুধবাৰে সংঘটিত এই ঘটনা। বলিয়াঘাট জি জি এছ ১ ৰ খৰাগড়লৈ AS 20 2114 নম্বৰৰ এখন ট্ৰেলাৰে কঢ়িয়াই নিছিল অ এন জি চিৰ বৃহৎ আকাৰৰ পাইপ ।

বৃহৎ পাইপ বান্ধি নিনিয়াৰ ফলতেই জয়সাগৰ তিনিআলিত ট্ৰেলাৰখনৰ পৰা চলন্ত অৱস্থাতে পাইপডাল বাগৰি পৰি পথৰ দাঁতিৰ এটা বৈদ্যুতিক খুটা মহতিয়াই লৈ যায় ।

ঘটনাটোত কোনোলোক হতাহত হোৱা নাই যদিও অ এন জি চি কৰ্তৃপক্ষৰ ভুলৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ।পাইপ কঢ়িয়াই নিয়া ট্ৰেলাৰখনৰ ফিটনেচৰ ম্যাদ উকলাৰ পাছতো ব্যবহাৰ কৰি আছে অ এন জি চি কৰ্তৃপক্ষই।

Leave A Reply