Breaking

বাক্সাৰ মইনাগুৰিত এছএছবি জোৱানৰ বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ

0 2,036

বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মইনাগুৰিত আজি সশস্ত্ৰ সীমা বলে বৃহৎ সংখ্যক অবৈধ কাঠ জব্দ কৰে। এখন এএছ-১৯চি-৫২০২ নম্বৰৰ আৰু আন এখন নম্বৰবিহিন টাটা ম’বাইল গাড়ীৰে কঢ়িয়াই আনি থকা অৱস্থাত এছএছবিৰ জোৱানে জব্দ কৰে কাঠৰ কুণ্ডাসহ গাড়ী দুখন। পিছত বাটাবাৰী বনাঞ্চলিক কাৰ্যালয়ত দুয়োখন গাড়ী কাঠসহ জমা দিয়ে সশস্ত্ৰ সীমা বলে ৷ বনাঞ্চলিক বিষয়া গৰাকীয়ে জব্দ কৰা কাঠৰ কুণ্ডা সমূহৰ আনুমানিক মূল্য ২৬ হাজাৰ টকাৰ হ’ব বুলি কৈছে যদিও প্ৰত্যক্ষদৰ্শীয়ে ইয়াৰ প্ৰকৃত মূল্য ২ লক্ষাধিক হ’ব বুলি সাংবাদিকক জনায় ৷  উল্লেখ্য যে খবৰ পাই সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে-লগে বাটাবাৰী ৰেঞ্জৰ বন বিষয়া গৰাকীয়ে কিছু বিবুদ্ধিত পৰা পৰিলক্ষিত হোৱাৰ লগতে কোনো ধৰণৰ মন্তব্য কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল যদিও পৰৱৰ্তী সময়ত সাংবাদিকৰ প্ৰৱল হেঁচাত তেওঁ যেনেতেনে কিছু গা এৰা ধৰণৰ মন্তব্য আগবঢ়ায় ৷

Leave A Reply