Breaking

নাগালেণ্ড চেকগেটত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

0 24

শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং আৰক্ষী থানা আৰু আমগুৰি আৰক্ষী থানা  এলেকাত এইবাৰ খুচুৰা ব্যৱসায়ীৰ ৰূপত সুৰা ব্যৱসায়ীয়ে চলাইছে অবাধ বেহা। বিশেষ সূত্ৰে জানিব পৰা মতে ধলোৱা পথাৰৰ জনৈক নকুল, বৰবামৰ জনৈক চন্দনৰ লগতে জনৈক মেলেক নামৰ সুৰা ব্যৱসায়ীয়ে চলাইছে অৰুণাচলী সুৰাৰ খুচুৰা ব্যৱসায়। আৰক্ষীৰ পুত্ৰ বৰবামৰ জনৈক চন্দনৰ নেতৃত্বত যাত্ৰীবাহী ট্ৰেভেলাৰৰ সহায়ত অৰুণাচলী সুৰা সৰবৰাহ চলাই আহিছে।

কিছুদিন পূৰ্বে অৰুণাচলী সুৰাভৰ্তী এখন গাড়ী দোপদৰৰ সমীপত দুৰ্ঘটনাগ্ৰস্থ হৈছিল। নিশাই এই সুৰা অন্য গাড়ীত তুলি উধাও হৈছিল। আনহাতে যোৱা সোমবাৰে নাগালেণ্ড চেকগেটত অসমৰ এখন চিমেন্টভৰ্তী ডাম্পাৰত ২২০ কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ হৈছিল। যোৰহাটৰ পৰা ধোদৰ আলিয়েদি চেলেংহাট হৈ আমগুৰি চাৰিআলিয়েদি ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে হালোৱাটিং আৰক্ষী থানা পাৰ হৈ নগালেণ্ডত প্ৰৱেশৰ চেষ্টা কৰোতে নগা পুলিচে চেকগেটত জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাখিনি।

বিশেষ সূত্ৰে জানিব পৰা মতে চেলেংহাট অঞ্চলৰ কেইজনমান বালি ব্যৱসায়ীৰ নেতৃত্বতো চলাই আহিছে এই অবৈধ অৰুণাচলী সুৰা ব্যৱসায়। আৰক্ষীৰ চকুত ধুলি দি ইটা-চিমেন্টৰ তলত অবৈধ অৰুণাচলী সুৰা ব্যৱসায় কৰি জনজীৱন ধ্বংস কৰি পেলোৱা ধলোৱা পথাৰৰ চুতীয়া উপাধিৰ যুৱকৰ লগতে আৰক্ষীৰ পুত্ৰ চন্দনে চলাইছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া খুচুৰা ব্যৱসায়। ইতিমধ্যে নগালেণ্ডত জব্দ হোৱা ২২০ কাৰ্টন অৰুণাচলী সুৰা চন্দন, নকুলৰ বুলি প্ৰচাৰিত হোৱাৰ লগতে হালোৱাটিংৰ মহেশ-মোহনৰ বুলিও প্ৰচাৰিত হৈছে। উল্লেখ্য যে হালোৱাটিংত মহেশ-মোহনৰ অৰুণাচলী সুৰাৰ বৃহৎ ঘাটি থকাৰ লগতে অনায়াসে নগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে। এইক্ষেত্ৰত আৰগুৰি আৰু হালোৱাটিং আৰক্ষীয়ে অৰুণাচলী সুৰা ব্যৱসায় আৰু গোপন ঘাটিত অভিযান চলালে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

Leave A Reply