Breaking

তিনিচুকীয়া বৰহোলোঙত বৃহৎ পৰিমানৰ অবৈধ কাঠ ভৰ্তি ট্ৰেক্টৰ জব্দ

0 2,033

ৰাজ্যত প্ৰায় তিনিমাহ চোৰাং কাঠৰ  বেহা বন্ধ হোৱা বুলি বিভিন্ন মহলত গুজৱ উঠি আহিছে যদিও  সক্ৰীয় হৈ আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । আজি তাৰেই প্ৰমাণ হল তিনিচুকীয়া জিলাৰ বৰডুমচাৰ বৰহোলোং গাঁ‌ৱৰ মাজেৰে যোৱা বৰডুমচা-ফিল’বাৰী সংযোগী পথত । ডুমডুমা বন সংমণ্ডল অধীনৰ পেঙেৰীৰ খাটাংপানী আঞ্চলিক বন বিভাগৰ লগতে বৰডুমচা আৰক্ষী থানাৰ এটা  যুটীয়া দলৰ অভিযানত বৰডুমচাৰ বৰহোলোঙৰ পৰা  বৃহৎ পৰিমাণৰ চোৰাং কাঠ ভৰ্তি এখন নম্বৰ প্লেট বিহীন ট্ৰেক্টৰ গাড়ী জব্দ কৰে।জানিব পৰা মতে খাটাংপানী আঞ্চলিক বন বিভাগে এক গোপন সুত্ৰৰ পৰা তথ্য লাভ কৰি  অভিযান চলোৱাৰ মুৰ্হুত্বত বৃহৎ পৰিমাণৰ অবৈধ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।চোৰাং কাঠ  ব্যৱসায়ীয়ে এখন টেক্টৰ গাড়ীৰে মুল্যবান কাঠখিনি কঢ়িয়াই নি থকা অৱস্থাত জব্দ কৰিবলৈ লওতেই আৰক্ষীৰ উমান পাই ট্ৰেক্টৰখনৰ চালক আৰু হেণ্ডিমেন পলাই যাবলৈ সক্ষম হয় ।  নম্বৰ প্লেটবিহীন টেক্টৰখনৰ গৰাকী কোন বাতৰি লিখা পৰ্যন্ত জানিব  পৰা হোৱা নাই । বন বিভাগে সন্দেহ কৰা অনুসৰি উক্ত জব্দকৃত  চোৰাং কাঠখিনি পেঙেৰীৰ তৰাণি সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং ব্যৱসায়ীয়ে  অৰুণাচল প্ৰদেশলৈ কঢ়িয়াই নিছিল।তিনিচুকীয়া জিলাৰ অৰুণাচল সীমামূৰীয়া পেঙেৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল কেইখনত দ্ৰুত হাৰে চোৰাং কাঠ ব্যৱসায়ীয়ে নিতৌ চলাই অহা হাতোৰাৰ প্ৰতি শূণ্যসহণশীল শাসকীয় চৰকাৰখনে কেতিয়া কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া লৈ সম্প্ৰতি বাৰে বাৰে প্ৰশ্ন উত্থাপিত হৈছে অঞ্চলটোৰ সচেতন মহলত ।

Leave A Reply