Breaking

বৰপেটাত বৃহৎ পৰিমানৰ চুলাই জব্দ

0 2,021

ভোগালী বিহুৰ প্ৰাকক্ষনত বৰপেটা আবকাৰী বিভাগৰ অভিযানত বৃহৎ পৰিমানৰ চুলাই সহ দুজনক আটক কৰিবলৈ সক্ষম হয়। এক গোপনসুত্ৰৰ পমখেদি বৰপেটা আবকাৰী বিভাগে AS15 AC 0833 নম্বৰৰ এখন টেম্পোৰে  নগাওৰ পৰা জনীয়ালৈ লৈ যোৱা  অৱস্থাত বৰপেটাৰ যতিগাওত চুলাইখিনি  জব্দ কৰে ৷এই অভিযানত প্ৰায় ৩ শ লিটাৰ চুলাইসহ  দিলীপ মণ্ডল আৰু ছফি দাসক আটক কৰাৰ লগতে টেম্পোখনো জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগে।চুলাই সৰবৰাহ সংক্ৰান্তত আবকাৰী বিভাগে এটা গোচৰ ৰুজু কৰি দিলীপ মণ্ডল আৰু ছফি দাসক ন্যায়ালয়ত  হাজিৰ কৰোৱা হব বুলি আবকাৰী বিষয়া প্ৰশান্ত পাঠকে জানিবলৈ দিয়ে ৷

Leave A Reply