Breaking

নগাঁৱত বৃহৎ পৰিমাণৰ নামঘৰ-মন্দিৰৰ চুৰি সামগ্ৰী উদ্ধাৰ

0 2,025

নগাওঁ আৰক্ষীৰ বৃহৎ সফলতা। আজি সন্ধিয়া নগাওঁ চহৰৰ চাৰি সুঁতি ৰেল লাইনৰ ওচৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি কৰা শৰাইকে ধৰি নামঘৰ-মন্দিৰৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে অভিযান চলাই চাৰি খুঁটিৰ ওচৰৰ ৰেল লাইনৰ সন্মুখৰ পৰা বৃহৎ পৰিমাণৰ নামঘৰ-মন্দিৰৰ চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আজি কিছুদিন ধৰি নগাওঁ জিলাৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আদিৰ বহু সামগ্ৰী চুৰি হৈছে। আজি ইটাচালি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নামঘৰ মন্দিৰ আদিৰ চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চাব্ৰিনা নামৰ এগৰাকী মহিলাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আনহাতে নগাওঁ নগৰ আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই নগাওঁ চহৰৰ সমীপৰ শিয়ালমাৰী অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, শিয়ালমাৰী অঞ্চলত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলি আহিছে। গোপন সূত্ৰৰ পম খেদি আজি নগাওঁ নগৰ আৰক্ষীয়ে অভিযান চলাই শিয়ালমাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয়। মহিলা গৰাকীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে।নগাঁৱৰ উপ আৰক্ষী অধীক্ষকৰ ত্ৰিদীপ টুমবেঙৰ নেতৃত্বত চলা অভিযানত টচলিমা বেগম নামৰ মহিলা গৰাকীকো আটক কৰে।

Leave A Reply