Breaking

ইটাখোলাত বৃহৎ পৰিমাণৰ চোৰাং ভেজাল ডিজেল জব্দ

0 1,226

 বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত ইটাখোলা-চৈবাৰী সংযোগী পথত বৃহৎ পৰিমাণৰ ভেজাল চোৰাং ডিজেল আৰক্ষীয়ে জব্দ কৰে। জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি ইটাখোলা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়া শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে ইটাখোলা-চৈবাৰী যোৱা সংযোগী পথত চৈবাৰীৰ পৰা ইটাখোলালৈ আহি থকা বলেৰ’অ পিকাপ নং এ চ-১২ বি চি-১৯৫৭ ৰে সাতটা বেৰেলত মুঠ ১৫৪০ লিটাৰ চোৰাং ভেজাল ডিজেল যোৱা নিশা কঢ়িয়াই আনি থকা অৱস্থাত জব্দ কৰে। লগতে বলে’ৰ পিকাপখনৰ চালকক আটক কৰে। আৰক্ষীৰ পৰা জানিব পৰা মতে উক্ত ভেজাল ডিজেল কেৰাচিনত কিবা ৰাসায়নিক পদাৰ্থ মিহলাই ডিজেললৈ ৰূপান্তৰিত কৰে আৰু এই ডিজেলসমুহ গাঁও অঞ্চলৰ হোজা খেতিয়কসকলক বিক্ৰী কৰাৰ কথা জানিব পৰা গৈছে। ইপিনে খেতিয়ক ৰাইজে বেংকৰ পৰা লোন লৈ খেতিৰ বাবে লোৱা পাউৱাৰ টিলাৰ,ট্ৰেক্টৰ আদি ক্ৰয় কৰে কিন্তু এই দুষ্ট চক্ৰই উক্ত গঞা হোজা খেতিয়কক ভেজাল ডিজেল যোগান ধৰে যাৰ ফলত অতি কম দিনৰ ভিতৰতে কৃষক ৰাইজৰ পাউৱাৰ টিলাৰ,ট্ৰেক্টৰ সমুহ নষ্ট হবলৈ ধৰে। গতিকে এই দুষ্ট চক্ৰক উৎখাত কৰিবলৈ স্থানীয় আৰক্ষী প্ৰশাসনক কৃষক ৰাইজে দাবী জনাইছে।

Leave A Reply