Breaking

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উৎখাত বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ

0 2,030

সোমবাৰে নিশা ১০.৩০ বজাত হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত মোৰাঝাৰ থানা আৰু দেৱস্থান আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই যমুনাগাঁৱৰ পৰা নাৰী দেহ ব্যৱসায়ী চক্ৰ তথা নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰে কেইবাগৰাকীও কিশোৰী আৰু যুৱতীসকলক ৷

বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি তৎকালীনভাৱে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী আৰু যুৱতীসকলক ৷

আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ এজন যুৱক আৰু তিনিগৰাকী মহিলা আৰু এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয়৷

এইসকল নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত এটা আন্তৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ এই সৰবৰাহকাৰী চক্ৰটোৱে তিনিচুকীয়া তথা ইয়াৰ আশে পাশে থকা অঞ্চলৰ পৰা কৰ্মসংস্থাপন দিয়াৰ চলেৰে ফুচলাই আনিছিল কিশোৰী আৰু যুৱতীসকলক৷

হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু মোৰাজাৰ আৰক্ষীৰ সঠিক পদক্ষেপৰ বাবে ৰক্ষা পৰিল ১১ গৰাকীকৈ কিশোৰী ৷

স্থানীয় ৰাইজে আৰক্ষীৰ এই ভূমিকাক প্ৰশংসা কৰি নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে ৷

Leave A Reply