Breaking

লাৰকুছি গ্ৰন্থ মেলাত বিধায়ক দিগন্ত বৰ্মন

0 51

“কিতাপৰ প্ৰয়োজনীয়তা শেষ হ’ব নোৱাৰে, জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব লাগিলে কিতাপৰ আৱশ্যক। কিন্তু আমাৰ ডেকা ল’ৰা-ছোৱালী সকলোৰে এটাই সমস্য; মোবাইলটো হাতত পৰাৰ লগে লগে কিতাপৰ প্ৰতি কাৰো মন নোযোৱা হৈছে ।” এই মন্তব্য বিধায়ক দিগন্ত বৰ্মনৰ। শনিবাৰে কুৰুৱাট্টাৰী যুৱ সংঘৰ ৰূপালী জয়ন্তী উপলক্ষে ডায়মণ্ড উন্নয়ন সমিতিৰ সৌজন্যত অনুষ্ঠিত গ্ৰন্থ ও বাণিজ্য মেলাৰ মুকলি সভাত অংশগ্ৰহণ কৰি এই তাতপৰ্যপূৰ্ণ মন্তব্য কৰে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে। তেওঁ লগতে সকলোকে কিতাপ পঢ়িবলৈ আহ্বান জনাই আৰু কয় যে-  গ্ৰন্থ ও বাণিজ্য মেলালৈ অহা প্ৰত্যেকেই যেন অন্ততঃ এখনকৈ কিতা কিনে।

গ্ৰন্থ ও বাণিজ্য মেলাৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা শিক্ষক আব্দুল মতলেবৰ সভাপতিত্বত অনুষ্ঠি মুকলি সভাত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে দৌলাশাল জিলা পৰিষদৰ প্ৰাক্তন সদস্য জেহেৰুল হক, ভাংনামাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল মজিদ, ভাংনামাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য তথা কণ্ঠ শিল্পী আইনুল হক, মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিন আহমেদ, ছাত্ৰ নেত্ৰী হাছিনা আহমেদ, চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্যমান্য লোক।

নিজৰ ভাষণত বিধায়ক আশ্ৰাফুল হুছেইনে কয় যে শিক্ষা অবিহনে আমাৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয়। আনহাত মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিন আহমেদে নিজৰ ভাষণ প্ৰসংগত-  এইখন গ্ৰন্থ ও বাণিজ্য মেলা-  এক সমন্বয়ৰ মঞ্চ হওক বুলি এক আশাব্যঞ্জক মন্তব্য আগবঢ়ায়। ছাত্ৰ নেত্ৰী হাছিনা আহমেদে নাৰী সবলীকৰণ, নাৰী শিক্ষা, বাল্য বিবাহ, জন্ম নিয়ন্ত্ৰণ, গ্ৰন্থ অধ্যয়ন, আৰ্থ-সামাজিক উন্নয়ন আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সামৰি এলানি সজাগতামূলক মূল্যবান ভাষণ আগবঢ়ায়। 

Leave A Reply