Breaking

সাহিত্য সংস্কৃতিৰ পূজাৰী প্ৰয়াত পদ্ম কুমাৰ দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন

0 74

পশ্চিম দৰঙৰ  বিশিষ্ট সমাজসেৱী, সাহিত্য সংস্কৃতিৰ পূজাৰী অৱসৰী কৃতি প্ৰধান শিক্ষক পদ্মকুমাৰ দাসৰ সোঁৱৰণী সভা আৰু শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান খনি প্ৰয়াত পদ্ম দাসৰ বাস গৃহত অনুষ্ঠিত হৈ যায়।

নান্দনিক সাহিত্য চ’ৰা আৰু পথৰু সমন্বয়  গোষ্ঠীৰ যৌথ উদ্যোগত আয়োজিত  শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান টোৰ প্ৰয়াত পদ্ম কুমাৰ দাসৰ বহুমুখি প্ৰতিভাৰ  ভিন্ন  বিষয় সন্নিবিষ্টৰে  প্ৰকাশ কৰি উলিয়াওৱা  শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ খনি উন্মোচন কৰে সু সাহিত্যিক  ডা: ৰমা কান্ত বৰাই। গ্ৰন্থ উন্মোচন পৰ্ব আতধৰি ৩২৮ পৃষ্ঠাৰ গ্ৰন্থ খনৰ সম্পাদক  কমলা কান্ত ডেকাই আতধৰা সভাখনত   স্মৃতি  গ্ৰন্থ খনি  প্ৰকাশৰ   বাবে  পৰিয়াল আৰু লেখক সকলৰ  সহযোগীতা ৰ বাবে কৃতজ্ঞতা  জ্ঞাপন কৰে।

ইয়াৰ আগেয়ে প্ৰয়াত পদ্ম কুমাৰ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে  উপস্থিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু আৰু উপস্থিত ৰাইজে। দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, সাহিত্যক সৎৰাম ডেকাই সঞ্চালনা কৰা গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠান টোত স্মাৰক বক্তৃতা প্ৰদান কৰে  ছিপাঝাৰ মহাবিদ্যালয়ৰ  উপাধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা  সম্পাদক ড: ৰাম চন্দ্ৰ ডেকাই। ইয়াৰ উপৰিও প্ৰয়াত দাস দেৱক ভিন্ন ক্ষেত্ৰত সানিধ্য লাভ কৰা লোকৰ ভিতৰত শ্ৰীমন্তশংকৰদেৱ সংঘৰ ৰামচন্দ্ৰ ডেকাৰ লগতে কেইবাগৰাকী ব্যক্তিয়ে সংস্কৃতি সাধক গৰাকীৰ  স্মৃতি সোৱৰি  বক্তৃতা প্ৰদান কৰে।

নান্দনিক সাহিত্য চ”ৰা ৰ সভানেত্ৰী বানেশ্বৰী ডেকাই  পাঠ কৰা  স্বৰচিত কবিতাই  সভাৰ সৌস্তভ গাঢ় কৰি তোলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি হৰেশ্বৰে শইকীয়া ই ঘোষা পাঠেৰে আৰম্ভ কৰা অনুষ্ঠানটোত প্ৰয়াত দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত দাসৰ  সহধৰ্মিনী হিমানী শইকীয়া দাসে । ভিন্ন সময়ত সংস্কৃতিৰ পূজাৰী গৰাকীৰ সান্নিধ্য পোৱা  ছিপাঝাৰ সমষ্টিৰ  প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই তেওৰ সৈতে সহযোগীতাৰে বিগতত দিনৰ সময়চোৱাত প্ৰয়াত পদ্ম কুমাৰ দাসৰ  পৰা পোৱা সান্নিধ্যৰ  কথা আলোকপাত কৰে।

আনহাতে প্ৰয়াত দাসৰ স্মৃতি ৰোমন্থন কৰি স্মাৰক বক্তৃতা প্ৰদান কৰে  দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া, শিক্ষা সেৱী  প্ৰবীন চহৰীয়া, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সম্পাদক ৰাম চন্দ্ৰ ডেকা, আৰু হৰেশ্বৰ শইকীয়াই।  অনুষ্ঠান লৈ আমন্ত্ৰন জনোৱা অতিথি সকলক পৰিয়ালৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। আহ্বায়ক নান্দনিক সাহিত্য চ”ৰা ৰ সম্পাদক কমলা কান্ত ডেকাই সকলোৰে সহযোগীতাৰ শলাগ লোৱা সভা খনত অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ বিষয় ববীয়াৰ লগতে  দুই শতাধিক লোক উপস্থিত থাকে।
-দ্বীপেন ডেকা

Leave A Reply