Breaking

ননৈত বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পলমকৈ বিষ্ণু ৰাভা দিৱস উদযাপন…

0 60

ভয়াবহ বান পৰিস্থিতিৰ বাবে নগাঁও জিলাৰ ননৈ কেন্দ্ৰীয় বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ কাৰ্যসূচীসমূহ স্থগিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অৱশেষত যোৱা ৫ আগষ্টত ননৈ সাহিত্য পৰিষদৰ ব্যবস্থাপনাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ননৈ আঞ্চলিক, সাপ্তাহিক কাকত ‘কলংপাৰ’, সাহিত্য আলোচনী ‘সভ্যতা’, নগাঁৱৰ সাংবাদিকসকল আৰু গণনাট্য সংঘ, নগাঁৱৰ সহযোগিতাত দিৱস সম্পন্ন হয় ৷

কাৰ্যসূচী অনুসৰি, পুৱা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদানেৰে শুভাৰম্ভ কৰে ‘কলংপাৰ’ৰ মুখ্য সম্পাদক গুৰমাইল সিঙে আৰু সহযোগিতা কৰে প্ৰধান শিক্ষক দিলীপ বৰা আৰু নগাঁৱৰ ৰাতুল বৰাই৷ অনুষ্ঠানৰ আঁত ধৰে শিল্পী নয়নজ্যোতি ভূঞা আৰু শিক্ষক দিগন্ত বৰুৱাই । স্থানীয় শংকৰদেৱ শিশু নিকেতন আৰু ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহযোগত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰে ৷ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মহেন্দ্ৰ হাজৰিকাই সামগ্ৰিক ভাৱে অনুষ্ঠানটি পৰিচালনা কৰে ৷

তাৰ পিছতেই শংকৰদেৱ বিদ্যা নিকেতনৰ নিৰ্মাণ হ’বলগা ভৱনৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে। ইয়াৰ পিছতেই কিশোৰ শিল্পী জন বৰা সোঁৱৰণী মঞ্চত আৰম্ভ হয় কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে উৎসাহেৰে উক্ত প্ৰতিযোগিতাত যোগদান কৰে। বিচাৰক ড° বসন্ত বৰাই আবৃত্তিকাৰসকলক সম্বোধন কৰি আবৃত্তি সম্বন্ধীয় বক্তব্য আগবঢ়ায়। সহযোগী বিচাৰক হিচাপে ভাগ লোৱা বিশিষ্ট সংগীত শিল্পী প্ৰণৱ কুমাৰ বৰাইও প্ৰতিযোগীসকলৰ লগত মত বিনিময় কৰে। ইয়াৰ অন্তত আৰম্ভ হয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৷

বিয়লি অনুষ্ঠিত হয় ইতিমধ্যে হৈ যোৱা সদৌ অসম ভিত্তিত প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান আৰু আলোচনা সভা৷ “বিষ্ণু প্ৰসাদ ৰাভাৰ বাওঁপন্থী আদৰ্শ আৰু অসম” শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতাত অসমৰ ৮০ গৰাকী লেখকে অংশগ্ৰহণ কৰে৷ উক্ত সভাখন সঞ্চালনা কৰে চলচ্চিত্ৰ পৰিচালক মোলান লস্কৰে আৰু সভাত মুখ্য অতিথিৰূপে বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক, শিক্ষক গুণধৰ নাথে। ইফালে, প্ৰবন্ধ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ দহ হাজাৰ টকা লাভ কৰে লখিমপুৰৰ লেখক কস্তুৰী বিপুলে৷ বিশিষ্ট সমাজকৰ্মী পৰেশ দুৱৰাই আগবঢ়োৱা এই বঁটা প্ৰদান কৰে ‘কলংপাৰ’ৰ মুখ্য সম্পাদক গুৰমাইল সিঙে৷ ধনৰাশিৰ লগতে মানপত্ৰ আৰু ট্ৰফীও প্ৰদান কৰা হয় । সমাজসেৱী বিনোদ খেতাৱতে আগবঢ়োৱা নগদ সাত হাজাৰ টকাৰ দ্বিতীয় পুৰস্কাৰ মানপত্ৰ আৰু ট্ৰফীসহ বিজেতা যোৰহাটৰ পম্পী কলিতাক প্ৰদান কৰে প্ৰধান সম্পাদক তথা আলোচনী ‘সভ্যতা’ৰ সম্পাদক বিপ্লৱ জ্যোতি ভূঞাই৷ বিশিষ্ট সাংবাদিক বাচিত আলম চৌধুৰীয়ে আগবঢ়োৱা নগদ পাঁচহাজাৰ টকাৰ তৃতীয় পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ দিম্পী লাহনে৷

ট্ৰফী, মানপত্ৰসহ পুৰস্কাৰ প্ৰদান কৰে আছু নেতা তথা উদযাপন সমিতিৰ সহকাৰী সম্পাদক মুন বৰাই৷ সভাৰ অন্তত আৰম্ভ হয় বিষ্ণু প্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা আৰু তাৰ পিছতেই আৰম্ভ হয় বিষ্ণু প্ৰসাদ ৰাভা গীত, জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীতত সৃজনশীল নৃত্য প্ৰতিযোগিতা৷ অনেক প্ৰতিভাশালী প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ সন্ধিয়া ৬-৩০ বজাত আৰম্ভ হয় পুৰস্কাৰ বিতৰণী সভা৷ সভা পৰিচালনা কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ননৈ আঞ্চলিক সমিতিৰ উপদেষ্টা ৰশ্মি দাসে৷ সকলো প্ৰতিযোগীকে প্ৰতিযোগিতাত অংশগ্ৰহণৰ মানপত্ৰ আৰু বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে পৰেশ দুৱৰা, প্ৰত্যুষ ৰঞ্জন ভাগৱতী, বিনন্দ বিকাশ নাথ, কৰিস্মিতা দাস আৰু অনন্ত বৰঠাকুৰে৷ সন্ধিয়া ৭.৩০ বজাত বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ সামৰণি পৰে৷

Leave A Reply