Breaking

‘অলপ হাঁহিব, ইমান ‘চিৰিয়াছ’ কিয়?’ কোনে কৰিলে এই মন্তব্য…

0 61

বিৰাট কোহলীয়ে পত্নী অনুষ্কা শৰ্মাৰ সৈতে তেওঁৰ মৰমলগা ছবিখন তেওঁৰ টুইটাৰত শ্বেয়াৰ কৰিছে। এই দম্পতীহালৰ ফটোখন এতিয়া অতি ভাইৰেল হোৱাৰ লগতে অনুৰাগীসকলেও ধেমেলীয়া মন্তব্য আগবঢ়াইছে। অনুষ্কা শৰ্মা আৰু তেওঁৰ ক্ৰিকেটাৰ স্বামী বিৰাট কোহলী ছ’চিয়েল মিডিয়াত অতি সক্ৰিয়। শেহতীয়াকৈ আউটিঙৰ সময়ত দম্পতীহালে এখন মৰমলগা ছবি ক্লিক কৰিছিল। যিখন ফটো ক্ৰিকেটাৰগৰাকীয়ে টুইটাৰত শ্বেয়াৰ কৰে। বিৰাটে ফটোখন টুইট কৰাৰ লগে লগে অনুৰাগীসকলেও মন্তব্য কৰিবলৈ আৰম্ভ কৰিলে। কোনোবাই মন্তব্যত ‘কাপল গ’ল’ লিখিলে, আনহাতে কোনোবাই আই পি এলৰ খেলৰ সময়ত গৌতম গম্ভীৰৰ সৈতে বিৰাটৰ কাজিয়াৰ কথা মন্তব্য কৰিলে। ফটো সমূহত বিৰাটৰ ভংগীমাৰ সন্দৰ্ভত এজন ইউজাৰে টুইট কৰি কয়, “কোহলী ভাই অলপ বেছিকৈ হাঁহিব, নহ’লে মানুহে ক’ব আপুনি কিয় ইমান ছিৰিয়াছ?”

আপোনালোকক জনাওঁ যে শেহতীয়াকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু বনাম লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ খেলখনৰ পিছৰে পৰা বিৰাট কোহলী আৰু গৌতম গম্ভীৰৰ মাজত অন-ফিল্ড বিবাদে শিৰোনাম দখল কৰি আহিছে। ইফালে বিৰাট আৰু অনুষ্কাৰ নতুন ফটোখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহুতে এই দম্পতীক দেখি আনন্দিত বুলি কয়। এজনে টুইট কৰিছিল, “দিল্লী ডায়েৰীছ…গড ব্লেছ ইউ…” আন এজনে লিখিছে, “কিউট কাপল।”

অনুষ্কাই ‘ৰব নে বানা দি জোদী’, ‘পি কে’, ‘বেণ্ড বাজা বাৰাত’, ‘চুলতান’ আৰু ‘এ দিল হায় মুছকিল’ৰ দৰে হিট ছবিত কাম কৰি আহিছে। ২০১৮ চনত শ্বাহৰুখ আৰু কেটৰিনা কাইফৰ সৈতে তেওঁক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল ‘জিৰ’ ছবিত। শেহতীয়াকৈ অনুষ্কাই নেটফ্লিক্সৰ ছবি কালা (২০২২)ত কেমিঅ’ ৰূপত অভিনয় কৰিছিল। অতি সোনকালেই অনুষ্কাক দেখা যাব ‘চাকদা এক্সপ্ৰেছ’ত।

Leave A Reply